পাকিস্তানৰ এয়াৰ ডিফেঞ্চ ছিষ্টেম ধ্বংস ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ এয়াৰ ডিফেঞ্চ ছিষ্টেম ধ্বংস কৰিলে ভাৰতে। পাকিস্তানে ড্র’ন আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তীপুৰা, শ্রীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বাথিণ্ডা, চণ্ডীগড়, নল, ফালোভী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও সামৰিক প্ৰতিষ্ঠানত আক্ৰমণৰ চেষ্টা চলাইছিল।কিন্তু ভাৰতীয় সেনাই ইউ এ এছ গ্রীড আৰু এয়াৰ ডিফেন্স চিষ্টেমৰ জৰিয়তে এই আক্ৰমণ নিষ্ক্রিয় কৰে। এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া বহু ঠাইৰ পৰা উদ্ধাৰ কৰা হৈছে যিয়ে পাকিস্তানৰ আক্ৰমণ নিশ্চিত কৰে। বৃহস্পতিবাৰে পুৱা ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তানৰ একাধিক স্থানত এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেমক লক্ষ্য কৰি লয়। সূত্র অনুসৰি ভাৰতীয় সেনাই লাহোৰত এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে। ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে পাকিস্তানৰ কোনো সামৰিক মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা নাই আৰু এতিয়াও ভাৰতৰ লক্ষ্য যুদ্ধ বৃদ্ধি কৰা নহয় বৰঞ্চ প্ৰত্যুত্তৰ দিয়াহে। সীমান্ততো অবিৰতভাৱে গুলীচালনা চলি আছে। কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, মেন্ধৰ, ৰাজৌৰী আদি অঞ্চলত পাকিস্তানে মৰ্টাৰ আৰু গধুৰ আৰ্টিলাৰী নিক্ষেপ কৰিছে। এই কুৎসিত গুলীচালনাত তিনিগৰাকী মহিলা আৰু ৫টা শিশুকে ধৰি ১৬জন নিৰীহ ভাৰতীয় নাগৰিকৰ প্ৰাণহানি হয়। ভাৰতৰ বাৰ্তা স্পষ্ট, “আমি তীব্ৰতৰ বৃদ্ধি নিবিচাৰো, কিন্তু আমি কেনেকৈ সঁহাৰি জনাব জানো”। ভাৰতীয় সেনাই পুনৰ এবাৰ স্পষ্ট কৰি দিছে যে ভাৰতে যুদ্ধ নিবিচাৰে। কিন্তু যদি ইয়াৰ সামৰিক ঘাটি বা সাধাৰণ নাগৰিকক আক্ৰমণ কৰা হয়, তেন্তে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ থমকি নৰয়। এই কাৰণেই LOCত পাকিস্তানৰ গোলাবাৰুদৰ তীব্ৰ সঁহাৰি দিয়া হৈছে।