পাকিস্তানে যদি গুলীচালনা কৰে, তেন্তে ভাৰতে গোলাবর্ষণ কৰিব
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ প্ৰতি ভাৰত সন্মত হৈছে যদিও পাকিস্তানৰ যিকোনো অবাঞ্ছিত কাৰ্যৰ কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতে। সেই স্থিতিত অটল হৈ আছে নতুন দিল্লী প্রশাসন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট ভাষাত মার্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সক জনাইছে যে পাকিস্তানে যদি গুলীচালনা কৰে, তেন্তে ভাৰতে গোলাবর্ষণ কৰিব। যুদ্ধবিৰতিৰ প্রতি ভাৰতে সহমত পোষণ কৰিছে। এই শান্তি পৰ্বত আমেৰিকাই মধ্যস্থতা কৰিব বিচাৰিছে। তেতিয়াই প্রধানমন্ত্রী মোদীয়ে ভান্সক জনাই দিছে যে ইছলামাবাদ প্রশাসনে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলালে নতুন দিল্লীয়ে কঠোৰ প্ৰত্যুত্তৰ দিব। পাকিস্তানৰ সৈতে যুদ্ধবিৰতি হ’লেও সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে কেতিয়াও যুদ্ধ বন্ধ নকৰে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছে। অৰ্থাৎ সন্ত্রাসবাদৰ বিৰুদ্ধে পূৰ্বৰ দৰে ভাৰতৰ যুদ্ধ অব্যাহত থাকিব বুলি মার্কিন উপ-ৰাষ্ট্ৰপতিগৰাকীক জনাই দিছে মোদীয়ে।লক্ষণীয় বিষয়টো হৈছে চাৰিদিনীয়া সংঘৰ্ষত বাৰে বাৰে ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছিল পাকিস্তান। বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি পৰাজয় নিশ্চিত বুলি জানিয়েই সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায় শ্বেহৱাজ শ্বৰীফ চৰকাৰে। আমেৰিকাৰ মধ্যস্থতাত সেই প্ৰস্তাৱত ৰাজী হয় ভাৰত। কিন্তু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে যুদ্ধবিৰতি উলংঘা কৰি সীমান্তৱৰ্তী অঞ্চলত গুলীচালনা কৰে পাকিস্তানে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতেও। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপৰ পিছত ভান্সে পাকিস্তানৰ সেনাপ্রধান আছিফ মুনিৰৰ সৈতে আলোচনা কৰে। ইয়াৰ পিছত বিদেশ মন্ত্রী জয়শংকৰৰ সৈতে যুদ্ধবিৰতিক লৈ আলোচনা কৰে মার্কিন প্রতিনিধিসকলে। তেতিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে হুংকাৰ দিছে যে পাকিস্তানৰ দিশৰ পৰা গুলী চলিলে ভাৰতে গোলাবর্ষণ কৰিব। ইয়াৰ উপৰি নতুন দিল্লী প্ৰশাসনৰ তৰফৰ পৰা ভান্সক এই কথা জনাই দিয়া হৈছে যে দুটা বিষয়ক লৈ পাকিস্তানৰ সৈতে আলোচনা কৰিবলৈ প্ৰস্তুত ভাৰত। প্রথমটো হৈছে- পাক অধিকৃত কাশ্মীৰ আৰু দ্বিতীয়টো, সন্ত্রাসবাদীৰ হস্তান্তৰ। স্মৰ্তব্য যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বিষয়টো প্ৰথমতে পোহৰলৈ আনে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। শনিবাৰে বিয়লি ৫.৪২ বজাত ট্রাম্পে এক্স হেণ্ডেলৰ এটা পোষ্টত উল্লেখ কৰে- ‘সমগ্ৰ নিশা দীর্ঘ আলোচনাৰ পিছত দুয়োখন দেশে এই মুহূৰ্তৰ পৰা সম্পূৰ্ণৰূপে যুদ্ধবিৰতিত ৰাজী হৈছে। সঠিক সময়ত বাস্তৱ জ্ঞানক কামত লগোৱা বাবে উভয়পক্ষকে শুভেচ্ছা জনাইছোঁ।’ লক্ষণীয় যে ট্রাম্পৰ এই বক্তব্যৰ পিছতে যুদ্ধবিৰতিৰ বিষয়টো স্পষ্ট হৈ পৰে যদিও প্ৰতিৱেশী দেশখনে জম্মু-কাশ্মীৰ সীমান্তত গুলীচালনা কৰি যুদ্ধবিৰতি উলংঘা কৰে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতে। ইয়াৰ মাজতে প্রধানমন্ত্রী মোদীয়ে পাকিস্তানলৈ হুংকাৰ দি ক’লে যে গুলীৰ প্ৰত্যুত্তৰ গোলাৰে দিয়া হ’ব।