পাকিস্তানে উভতাই দিলে ভাৰতৰ বি এছ এফ জোৱানক
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত পাকিস্তানে মুকলি কৰি দিলে বি এছ এফ জোৱান পূৰ্ণম কুমাৰ শ্ব’ক । অটাৰী সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰে বি এছ এফ জোৱানগৰাকী । উল্লেখ্য যে, যোৱা ২৩ এপ্ৰিলত কৰ্তব্যৰ সময়ত বি এছ এফ কনিষ্টবলজনে দুৰ্ঘটনাক্ৰমে সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল । তেতিয়া পাকিস্তানী ৰেঞ্জাৰে তেওঁ আটক কৰিছিল ।এই সন্দৰ্ভত বি এছ এফৰ এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে, “আজি ১০.৩০ বজাত কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ক পাকিস্তানৰ পৰা আটাৰী-ৱাঘা সীমান্তত বি এছ এফক হস্তান্তৰ কৰা হয় । কনিষ্টবল পূৰ্ণম কুমাৰ শ্ব’ৱে অজানিতে পাকিস্তানৰ ভূখণ্ডত প্ৰৱেশ কৰিছিল । ২০২৫ চনৰ ২৩ এপ্ৰিলত ফিৰোজপুৰ ছেক্টৰৰ এলেকাত অপাৰেশ্যনেল ডিউটিত থকাৰ সময়তে প্ৰায় ১১.৫০ বজাত পাকিস্তানত প্ৰৱেশ কৰাৰ সময়ত ৰেঞ্জাৰে তেওঁক আটক কৰিছিল । নিয়মিত ফ্লেগ মিটিং আৰু অন্যান্য মাধ্যমৰ জৰিয়তে বি এছ এফে পাকিস্তান ৰেঞ্জাৰৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগত আছিল । এই ধাৰাবাহিক প্ৰচেষ্টাৰ অন্তত পাকিস্তানে বি এছ এফ কনিষ্টবলজনক ঘূৰাই পঠিয়ায় ।”