পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ গৌৰৱ গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা তিনিটা অভিযোগ ক্রমে-পাকিস্তান ভ্রমণ, পত্নীয়ে আইএছআইৰ জৰিয়তে দৰমহা লাভ আৰু দুই সন্তানক ব্রিটিছ নাগৰিকত্ব দিয়া। এই তিনি অভিযোগক কার্যতঃ স্বীকাৰ কৰি গৌৰৱ গগৈয়ে সমগ্র বিষয়টোক লৈ ৰাজনীতি চলা বুলিহে মন্তব্য কৰে। নতুন দিল্লীত এ আই চি চিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সাংসদ গগৈৰ স্বীকাৰোক্তি- আজিৰ পৰা ১১-১২ বছৰমান আগতে এবাৰ মই মোৰ পত্নীৰ লগত পাকিস্তানলৈ গৈছিলোঁ। চনটো সম্ভৱতঃ ২০১৩ হ’ব। ১৪-১৫ বছৰ পূৰ্বে মোৰ পত্নীয়ে এগৰাকী ৰাজহুৱা নীতি বিশেষজ্ঞ হিচাপে এটা আন্তর্জাতিক প্ৰকল্পৰ সৈতে জড়িত হৈ এবছৰৰ বাবে পাকিস্তানত কাম কৰিছিল। তেওঁ দক্ষিণ এছিয়াত জলবায়ুৰ পৰিৱৰ্তনৰ ওপৰত কাম কৰিবলৈ পাকিস্তানত আছিল। সেই সময়ত পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলোঁ। তেতিয়া মই সাংসদ নাছিলোঁ। তেওঁ কয় যে বিজেপিৰ কামেই হৈছে বেলেগৰ মানহানি কৰা। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দৰাচলতে মোক লৈ বলীউডৰ চি গ্রেড চিনেমা এখন বনাই আছে। যাৰ ৰিলিজ ১০ ছেপ্টেম্বৰত হ’ব বুলি তেওঁ প্ৰচাৰ চলাই আছে। কিন্তু সেই চিনেমা যে ফ্লপ হ’ব, সেয়া অসমৰ ৰাইজে ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে। গগৈৰ প্ৰশ্ন- মই বা মোৰ পত্নীয়ে যদি বেআইনী তথা দেশবিৰোধী কিবা কাম কৰিছোঁ, তেনেহ’লে চৰকাৰে যোৱা ১১-১২ বছৰ ধৰি কি কৰি আছে? কেন্দ্ৰৰ ইমানবোৰ তদন্তকাৰী সংস্থা আছে। সেই সংস্থাবোৰেই বা কি কৰি আছিল? মোক লৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ নিচিনা বিষয়ত সন্দেহ ব্যক্ত কৰা হৈছে। তেনেহ’লে ইমানদিন চৰকাৰে কি কৰি আছিল বুলি গগৈয়ে পুনৰ প্ৰশ্ন উত্থাপন কৰি কয় যে মই বিৰোধী দলৰ নেতা। বিৰোধীৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাবোৰেতো এটাৰ পিছত এটাকৈ তদন্ত কৰিয়ে আছে। সীমান্তৰ সিপাৰে যদি কোনোবা ব্যক্তিয়ে যায় কিম্বা উভতি আহে তেন্তে সংশ্লিষ্ট ব্যক্তিক কিমানবাৰ সোধা-পোছা কৰা হয় আমি সকলোৱেই জানো। আচলতে অসমত এতিয়া নির্বাচন আহি আছে। নির্বাচনী অংকত মোৰ বিৰুদ্ধে আমাৰ দলৰ নেতৃত্বৰ মাজত এটা সংশয়ৰ বাতাৱৰণ সৃষ্টি কৰিব বিচাৰিছিল মুখ্যমন্ত্রীজনে। কিন্তু তেওঁৰ সেই বাসনা পূৰণ নহ’ল। দলৰ নেতৃত্বই মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে তথা মোক ৰাজ্যৰ দায়িত্ব প্রদান কৰিছে। মোক লৈ মুখ্যমন্ত্ৰীৰ মনত যে ইমান ভয় সোমাই আছিল সেয়া মই জনা নাছিলোঁ। গগৈয়ে পুনৰ কয় যে মুখ্যমন্ত্ৰীৰ ওচৰত যদি মোৰ বিৰুদ্ধে সকলোবোৰ তথ্যই আছে তেনেহ’লে ১০ ছেপ্টেম্বৰলৈকে কিয় অপেক্ষা কৰিব লাগে? মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ যথেষ্ট গুৰুতৰ- ক্ৰছ ব’ৰ্ডাৰত গতিবিধিৰ বিষয়। ‘কোই পিকচাৰ চল ৰাহা হে কেয়া?’-প্রশ্ন গৌৰব গগৈৰ। গগৈয়ে পুনৰ কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে এবাৰ ৰাহুল গান্ধীৰ বডী ডাব্ল দেখা পাইছিল। তেওঁ সম্ভৱতঃ মোৰো বডী ডাব্ল দেখা পাইছে পাকিস্তানত চোৰাংচোৱা কৰি থকা। আনহাতে গৌৰৱ গগৈয়ে স্বীকাৰ কৰিছে যে তেওঁৰ পত্নীকে ধৰি দুই সন্তান ব্ৰিটিছ নাগৰিক। তেওঁ কয়-ল’ৰা-ছোৱালীৰ নাগৰিকত্বৰ বিষয়টো মাকৰ ওপৰত নিৰ্ভৰ কৰে। মোৰ কন্যা সন্তানটি ইংলেণ্ডত জন্মগ্রহণ কৰিছিল। সেই সময়ত ক’ভিডৰ পৰিৱেশ আছিল। মোৰ শহুৰ দেউতাও ক’ভিডত আক্রান্ত হৈছিল বাবে পত্নী আৰু সন্তান ইংলেণ্ডত আছিল। তাতেই ছোৱালীজনীৰ জন্ম হৈছিল। যদিও মোৰ পুত্ৰৰ ভাৰতীয় নাগৰিকত্ব আছিল। ক’ভিডৰ সেই স্থিতি চাই মাকৰ লগতে দুয়োটা সন্তানৰ পাছপ’ৰ্ট ইংলেণ্ডৰেই ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। এই বিষয়টো সম্পূর্ণ ব্যক্তিগত।