পাকিস্তানলৈ বহুবাৰ গৈছে কেতিয়াবা সীমান্তলৈ গৈ পাইছেনেঃ গৌৰৱ গগৈক উদ্দেশ্যি গৃহমন্ত্রী অমিত শ্বাহ

পাকিস্তানলৈ বহুবাৰ গৈছে কেতিয়াবা সীমান্তলৈ গৈ পাইছেনেঃ গৌৰৱ গগৈক উদ্দেশ্যি গৃহমন্ত্রী অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানপ্রীতি দেখুৱাই সংসদত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অপাৰেচন সিন্দূৰৰ ওপৰত প্ৰশ্ন তুলি প্ৰদান কৰা ভাষণক লৈ দেশজুৰি সৃষ্টি হোৱা প্রতিক্ৰিয়াৰ মাজতে অসমৰ সাংসদজনক তুলাধুনা দিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। পেহেলগামৰ ঘটনাৰ বিতৰ্কৰ উত্তৰ প্ৰদান কৰি সদনত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ লক্ষ্য হৈ পৰে গৌৰৱ গগৈ। অসমৰ সাংসদজনক উদ্দেশ্যি অমিত শ্বাহৰ মন্তব্য আছিল- পাকিস্তানলৈ আপুনি কেইবাবাৰো গৈছে। কিন্তু সীমান্তলৈ গৈছেনে? পুনৰবাৰ কৈছোঁ পাকিস্তানলৈ গগৈ আপুনি কেইবাবাৰো গৈছে। কিন্তু সীমান্তৰে পাকিস্তানলৈ গৈছেনে? সীমান্তলৈ গ’লে বুজিলে হয় ভাৰতীয় সেনাই কিমান কঠিন পৰিস্থিতিৰ মাজত কৰ্তব্য পালন কৰে। মাইনাছ ৪৩ ডিগ্রী চেলছিয়াছত ভাৰতীয় সেনাই পাহাৰীয়া পথ, নদীৰ মাজত কর্তব্য পালন কৰে। কোনো সন্ত্রাসবাদী যদি সীমান্তৰে দেশৰ ভূমিত সোমায়, সেই সন্ত্রাসবাদী বাচি যাব নোৱাৰে। হয় তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব অন্যথা এনকাউণ্টাৰত মৃত্যুবৰণ কৰিব। গৌৰৱ গগৈক উদ্দেশ্যি অমিত শ্বাহে কয়- এওঁলোকে সীমান্তৰ কঠিন ভৌগলিক পৰিস্থিতিৰ বিষয়ে অৱগত নহয়। মাইনাছ ৪৩ ডিগ্রী চেলছিয়াছত পাহাৰৰ পৰা বৈ অহা নদীৰ তলত সুৰংগ সাজি কিদৰে ভাৰতীয় সেনাই পহৰা দি আহিছে এওঁলোকে দেখা নাই। এতিয়া কোনো লোক অথবা সন্ত্রাসবাদী সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে। আপোনালোকৰ দিনত পৰিৱেশ বেলেগ আছিল। তেতিয়া সন্ত্রাসবাদীয়ে সীমান্তৰে প্ৰৱেশ কৰাৰ প্ৰয়োজনেই নাছিল। আপোনালোকে ভিছা প্রদান কৰি মাতি আনিছিল। যিদৰে আপুনি (গৌৰৱ গগৈ) পাকিস্তানলৈ গৈছিল, ঠিক তেনেদৰে সন্ত্রাসবাদীও ভাৰতলৈ আহিছিল। গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি অমিত শ্বাহে পুনৰবাৰ কংগ্ৰেছ সাংসদগৰাকীক সোঁৱৰাই দি কয়- পাকিস্তান অধিকৃত কাশ্মীৰ সৃষ্টি হৈছিল জৱাহৰলাল নেহৰুৰ যুদ্ধবিৰতি ঘোষণাই। উল্লেখ্য যে সোমবাৰে সদনত গৌৰৱ গগৈয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কৈছিল যে এইখন চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰ পুনৰ নিজৰ হাতলৈ অনাৰ কথা কয়। কিন্তু এয়া কেতিয়া হ’ব? যদি অপাৰেচন সিন্দূৰৰ জৰিয়তেই নোৱাৰিলে, তেনেহ’লে কেতিয়া হ’ব পাকিস্তান অধিকৃত কাশ্মীৰ দখল। আজি তাৰেই প্ৰত্যুত্তৰ দি গৌৰৱ গগৈক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়-গগৈজী, আপুনি জানেনে অসমক লৈ জৱাহৰলাল নেহৰুৱে কি কৈছিল? আকাশবাণীৰ জৰিয়তে অসমক বাই বাই দিছিল নেহৰুৱে। আকাশবাণীত ইয়াৰ ৰেকর্ডিং এতিয়াও আছে। ৩৮ হাজাৰ বৰ্গকিলোমিটাৰ ভূমিখণ্ড চীনক এৰি দিয়া হৈছিল। জৱাহৰলাল নেহৰুৰ মন্তব্য আছিল- চীন অধিকৃত ভূমিত এডাল তৃণও নগজে। সেই ঠাইৰ কি প্রয়োজন? সেইসময়ত নেহৰৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি সাংসদ এজনে নেহৰুৰ মূৰটোক আঙুলিয়াই কৈছিল-আপোনাৰ শিৰতো এডালো চুলি নাই, তেনেহ’লে ইয়াক বিক্ৰী কৰি দিব নেকি?