পাকিস্তানত বোমা বিস্ফোৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানৰ ৰাজধানী ইছলামবাদক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল। ইছলামাবাদৰ ন্যায়ালয়ৰ বাহিৰত ৰখাই থোৱা এখন গাড়ীত বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান পৰ্যন্ত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জনতকৈ অধিক লোক আহত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি মঙলবাৰে দিনৰ প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে, আদালতৰ মূল গেটৰ সমীপত ৰখাই থোৱা এখন গাড়ীত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই বিস্ফোৰণ ঘটিছে। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে চাৰিওফালৰ অঞ্চলত শব্দ শুনা গৈছিল, যাৰ ফলত আতংকৰ সৃষ্টি হৈছিল।
