পাকিস্তানত ড্রোন ষ্ট্ৰাইক ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ সামৰিক ঘাটিলৈ পাকিস্তানী সেনাই নিক্ষেপ কৰা মিছাইল আক্রমণ সম্পূৰ্ণৰূপে ব্যর্থ কৰাৰ পাছত প্রত্যাক্ৰমণ হিচাপে ভাৰতে পাকিস্তানৰ লাহোৰ, ৰাৱালপিণ্ডিসহ কেইবাখনো চহৰত ড্রোনেৰে আক্রমণ কৰে। ভাৰতীয় সেনাই পাকিস্তানৰ ৰাৱালপিণ্ডি, লাহোৰ, গুজৰনোৱালা, ছকৱাল, এটক, বাহাৱালপুৰ, মিঞাৱালী, কৰাচী আৰু ছোৰত ড্রোনেৰে আক্রমণ চলায়। এই ড্রোন আক্রমণত ৯খন চহৰতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ড্রোনৰ আঘাতত অট্টালিকাৰ ক্ষয়-ক্ষতিও হয়। লাহোৰত ভাৰতীয় সেনাৰ ড্রোন আক্ৰমণৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তান আৰু ভাৰতৰ মাজত আক্ৰমণ-প্রত্যাক্রমণ আৰম্ভ হোৱাৰ পাছতে মার্কিন নাগৰিকক তাৎক্ষণিকভারে পাকিস্তান ত্যাগৰ নির্দেশ দিছে হোৱাইট হাউছে। ভাৰতীয় ড্রোনে লাহোৰত আঘাত কৰাৰ পাছতে ইউএছ কনচুলেটে দেশৰ নাগৰিকসকলক সজাগ আৰু সতর্ক হ’বলৈ পৰামৰ্শ দিয়াৰ লগতে যথাসম্ভৱ পাকিস্তান ত্যাগ কৰিবলৈ নির্দেশ দিছে। কনচুলেটৰৰ বিষয়ববীয়াসকলক সজাগ আৰু সতর্ক হৈ থাকিবলৈ নির্দেশ দিয়া হৈছে। ৯খন চহৰত ভাৰতে নিক্ষেপ কৰা হেৰণ ড্রোন বিস্ফোৰিত হয় যদিও পাকিস্তানী সেনাই দাবী কৰা মতে, কেইবাটাও ভাৰতীয় ড্রোন আকাশতে প্রতিহত হৈছে। লাহোৰৰ ৱাল্টন বিমানবন্দৰৰ সমীপত ড্রোনৰ বিস্ফোৰণ ঘটাত অঞ্চলজুৰি অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়। বিমান সেৱাত ব্যাঘাত জন্মাৰ লগতে বিমানবন্দৰত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে। ইপিনে ভাৰতীয় ড্রোনৰ আঘাতত ৰাৱালপিণ্ডি ষ্টেডিয়ামখনৰ বিস্তৰ ক্ষতিসাধন হৈছে। পাকিস্তান ছুপাৰ লীগ (পিএছএল) ৰ ক্ৰিকেট মেচ আৰম্ভ হোৱাৰ পূৰ্বেই ড্রোনে আঘাত কৰে ৰাৱালপিণ্ডি স্টেডিয়ামত। এই ড্রোনৰ আঘাতত ষ্টেডিয়ামখনৰ বিস্তৰ ক্ষতিসাধন হৈছে। ক্রিকেট ষ্টেডিয়ামখনৰ ক্ষতি হোৱাত পিএছএলৰ মেচ কৰাচীলৈ স্থানান্তৰ কৰা হৈছে। ভাৰতে পাকিস্তানৰ ৯খন চহৰত ড্রোনেৰে আক্ৰমণ কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে পাকিস্তানী সেনাই ৬খন চহৰত ভাৰতে ড্রোন আক্রমণ চলাইছে বুলি দাবী কৰিছে।