পাকিস্তানত ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড

পাকিস্তানত ক্ৰিকেটাৰক থাকিবলৈ দিয়া হোটেলত অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- নিজৰ দেশত চেম্পিয়নছ ট্রফী ২০২৫ আয়োজন কৰিবলৈ সম্প্ৰতি কঠোৰ পৰিশ্ৰম কৰি আছে পাকিস্তান ক্রিকেট ব’র্ডে। পাকিস্তান ক্রিকেট ব’র্ড(পিচিবিৰ)ৰ এই আয়োজনৰ মাজতে একপ্ৰকাৰ বাধাৰূপে থিয় দিছে টীম ইণ্ডিয়া। কিয়নো ভাৰত চৰকাৰে নিজৰ খেলুৱৈসকলৰ সুৰক্ষাৰ কথা উল্লেখ কৰি দলটোক পাকিস্তানলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে। তেনেক্ষেত্রত পাকিস্তানে বাৰে বাৰে উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা বুলি দাবী কৰি আহিছে। তাৰ মাজতে দেশখনত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা। ৰাষ্ট্ৰীয় মহিলা  চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকল থকা হোটেলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে। সেয়ে চেম্পিয়নছ ট্রফীৰ সুৰক্ষা সন্দৰ্ভত পিচিবিৰ বিৰুদ্ধে উত্থাপিত হৈছে বহু প্রশ্ন। পিচিবিয়ে জাৰি কৰা এক বিবৃতি অনুসৰি পাকিস্তান ব’র্ডে আকস্মিকভাৱে ঘৰুৱা মহিলা প্রতিযোগিতা ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই দলসমূহৰ সকলো খেলুৱৈ আৰু বিষয়াৰ বাবে পিচিবিয়ে এখন হোটেলৰ এটা মহলা সম্পূৰ্ণৰূপে বুকিং কৰিছিল। কিন্তু আকস্মিকভাৱে হোটেলখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত খেলুৱৈসকল ভয়ত বিতত হৈ পৰে। সেই সময়ত হোটেলখনত ৫গৰাকী খেলুৱৈ নিজৰ কোঠাত আছিল যদিও কোনোমতে বাহিৰলৈ গৈ প্ৰাণৰক্ষা কৰে। তথ্য অনুসৰি এই ঘটনাৰ সময়ত কৰাচী ষ্টেডিয়ামত অধিকাংশ খেলুৱৈ আৰু বিষয়া উপস্থিত আছিল। একাংশ খেলুৱৈয়ে মেচত অংশগ্রহণ কৰাৰ বিপৰীতে অন্যান্যসকলে নেট অনুশীলনত ব্যস্ত আছিল। অগ্নিকাণ্ডটো সংঘটিত হোৱা সময়ত মাত্র ৫ গৰাকী খেলুৱৈহে হোটেলত মজুত আছিল। তেওঁলোকে কোনোমতে হোটেলৰ পৰা বাহিৰলৈ গৈ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল। পিচিবিয়ে দাবী কৰা মতে, এই ঘটনাত কোনো খেলুৱৈ আঘাতপ্রাপ্ত নহ’লেও খেলুৱৈসকলৰ সামগ্ৰীসমূহৰ বিস্তৰ ক্ষতিসাধন হয়। সেয়েহে ব’র্ডে তাৎক্ষণিকভাবে প্রতিযোগিতাখন বাতিল কৰিবলগীয়া হয়। এই অগ্নিকাণ্ডৰ পিছত পাকিস্তানে চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ ক্ষমতাক লৈ পুনৰবাৰ উত্থাপিত হৈছে প্ৰশ্ন ৷ চেম্পিয়নছ ট্ৰফীত 8 টা দলে অংশগ্ৰহণ কৰাৰ কথা আছে ৷ ইয়াৰে ভাৰতীয় দলটো পাকিস্তানলৈ নাযায় যদিও বাকী দলসমূহে তাতেই নিজৰ মেচত অংশগ্ৰহণ কৰিব ৷ প্ৰতিযোগিতাখনৰ বাবে কৰাচীকে ধৰি তিনিখন ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম চলি আছে ৷ এই সকলোবোৰৰ মাজতে আকস্মিকভাৱে ঘটা এই অগ্নিকাণ্ডৰ ঘটনাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিৰুদ্ধে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷