পাকিস্তানত আত্মঘাতী আক্রমণ
ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানৰ উত্তৰ-পশ্চিম সীমান্তৱৰ্তী এলেকাৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত চলি থকা এখন বিয়াৰ অনুষ্ঠানৰ মাজতেই আত্মঘাতী আক্রমণৰ ঘটনাটো সংঘটিত হয়। আত্মঘাতী আক্ৰমণটোত কমেও ৭জন লোকে প্রাণ হেৰুৱায় লগতে ২৫জন লোক আহত হয় । বিস্ফোৰণত আহত কেইবাজনো লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই আক্ৰমণৰ মূল লক্ষ্য আছিল স্থানীয় শান্তি সমিতিৰ অধ্যক্ষ নুৰ আলম মেহছুদ। দেৰা ইছমাইল খান জিলাত থকা মেহছুদৰ নিজ বাসগৃহত বিবাহৰ ভোজ চলি থকাৰ সময়তে এই আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ এটা অংশৰ ছাদ সম্পূৰ্ণৰূপে খহি পৰে। যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয় আৰু বহু লোক ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।আৰক্ষীয়ে জনোৱা মতে নিহত আৰু আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভর্তি কৰোৱা হয়।
