পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি  ছেমি ফাইনেলত ভাৰতৰ

 পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰি  ছেমি ফাইনেলত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তানক পৰাস্ত কৰি আই চি চি চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ।চেম্পিয়নছ ট্ৰফীৰ দেওবাৰে ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হাইভ’ল্টেজ মেচখনত চিৰবৈৰী পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই। বাংলাদেশৰ পিছতে পাকিস্তানক পৰাস্ত কৰি একেৰাহে দ্বিতীয়টো জয় পঞ্জীয়ন কৰে টীম ইণ্ডিয়াই । টছত জয়ী হৈ প্ৰথমে বেটিং কৰি পাকিস্তানে ৪৯.৪ অভাৰত ২৪১ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ছাউদ শ্বাকিলৰ ৬২, ৰিজৱানৰ ৪৬ আৰু খুছদিলৰ ৩৮ ৰানৰ বাহিৰে কোনো পাকিস্তানী বেটছমেনে বেছি ৰান কৰিবলৈ সক্ষম নহ’ল। ভাৰতীয় দলৰ হৈ কুলদীপ যাদৱ (৩-৪০) আৰু হাৰ্দিক পাণ্ডিয়াই (২-৩১) ব্যতিক্ৰমীভাৱে ভাল বলিং কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৪২.৩ অভাৰত ৪টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় । বিৰাট কোহলীয়ে নিজৰ এদিনীয়া কেৰিয়াৰৰ ৫১ সংখ্যক শতক অৰ্জন কৰে । কোহলীয়ে ১১১টা বলত ৭টা চাৰিৰ সহায়ত ১০০ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । ৬৭টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰি আউট হৈছিল শ্ৰেয়াছ আয়াৰ । তেওঁৰ অৰ্ধশতকৰ ইনিংছত তেওঁ ৫ চাৰিটা আৰু এটা ছয় মাৰে । অ’পেনাৰ শুভমন গিলে ৫২টা বলত ৪৬ ৰাণ সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মাই ১৫টা বলত ২০ ৰাণ সংগ্ৰহ কৰে । ইফালে ৮ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নমুখী হয় হাৰ্দিক পাণ্ডিয়া । পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে ২টা উইকেট দখল কৰাৰ বিপৰীতে আব্ৰাৰ আহমেদ আৰু খুছদিল শ্বাহে এটাকৈ উইকেট দখল কৰে । এই জয়েৰে ভাৰতে প্রতিযোগিতাখনত ছেমিফাইনেল খেলাটো একপ্ৰকাৰ নিশ্চিত কৰিলে।