পাকিস্তানক সমর্থন কৰি কংগ্ৰেছ নেতাসহ ৬জনক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামৰ বৰ্বৰোচিত নৰসংহাৰৰ প্ৰসংগত পাকিস্তানক সমৰ্থন কৰি অসম আৰক্ষীৰ হাতত ধৰা পৰিছে ইজনৰ পিছত সিজন দেশদ্রোহী। সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰি ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত অসম আৰক্ষীয়ে আৰু আন ৬জনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগে লগে গ্ৰেপ্তাৰ হোৱা ধৃত ‘দেশদ্রোহী’ৰ সংখ্যা হ’লগৈ ১৫জন। য’ত আছে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো। অসম আৰক্ষীয়ে শেহতীয়াকৈ ওৰাঙৰ ৩৯ নম্বৰ পাঁচনৈ ছেফাং ব্লক কংগ্ৰেছৰ সভাপতি বিমল মাহাতোক গ্ৰেপ্তাৰ কৰে। ওৰাং আৰক্ষীয়ে ২৫ এপ্ৰিলৰ নিশা নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে বিমল মাহাতোক। ভাৰতীয় ন্যায় সংহিতাৰ ১১৩(৩)/১৫২/১৯৬/১৯৭)১)/৩৫২/৩৫৩ নং ধাৰাৰ অধীনত ওৰাং থানাত ৩০/২৫ নম্বৰত এক গোচৰ ৰুজু হৈছে কংগ্ৰেছ নেতা তথা আৰটিআই কর্মী বিমল মাহাতোৰ বিৰুদ্ধে। ফেচবুকত দেশবিৰোধী প’ষ্ট দি গ্ৰেপ্তাৰ গুৱাহাটীত বসবাস কৰা গোলাঘাটৰ বিতর্কিত মহিলা ডিম্পল বৰা।বিভিন্ন ধৰণৰ বিতৰ্কত নাম সাঙোৰ খাই পৰা ডিম্পল বৰা সামাজিক মাধ্যম ফেচবুক দধীচি ডিম্পল (জাইফুল যোদ্ধা) নামেৰে নিজৰ একাউন্ট খুলি বিভিন্ন সময়ত হকে-বিহকে লিখি চর্চিত হৈ আহিছিল। এই সন্দর্ভত গোলাঘাট সদৰ থানাত দধীচি ডিম্পল ওৰফে ডিম্পল বৰাৰ বিৰুদ্ধে ৮১/২০২৫ত এটা গোচৰ তৎকালে পঞ্জীয়ন কৰি গুৱাহাটীৰ পৰা গোলাঘাট আৰক্ষীয়ে ডিম্পল বৰাক ভাৰতবিৰোধী কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি শনিবাৰে কাছাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল দুই যুৱক। ধৃত দুই যুৱক কাছাৰৰ সোণাই ৰামনগৰৰ বক্তাৰ হুছেইন বৰভূঞা আৰু শিলচৰ ঘানিয়ালাৰ ইমৰান হুছেইন বৰভূঞা। উল্লেখ্য যে দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰত এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে চাৰিজন যুৱক। তদুপৰি একেই অভিযোগত হাইলাকান্দিৰ সুমন মজুমদাৰ ওৰফে বুলবুল আলম মজুমদাৰক আৰু নগাঁৱৰ চামগুৰিৰ মাছুদ আজহাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।