পাকিস্তানক সমর্থন কৰি অসম আৰক্ষীৰ জালত ৭১জন দেশদ্রোহী

Pc Northeast Now

পাকিস্তানক সমর্থন কৰি অসম আৰক্ষীৰ জালত ৭১জন দেশদ্রোহী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীয়ে ভাৰতত থাকি পাকিস্তানক সমর্থন কৰা দেশদ্রোহীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সামাজিক মাধ্যমযোগে পাকিস্তানৰ সমর্থনত প’ষ্ট দিয়া ৭১জন এনে দেশদ্রোহীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰি উল্লেখ কৰিছে যে ভাৰতত থাকি পাকিস্তানক সমর্থন কৰা বিধায়ক, অধ্যাপকৰ পৰা সকলো এজন এজনকৈ আৰক্ষীৰ জালত পৰিছে। এয়া সম্ভৱ হৈছে অসম আৰক্ষীৰ দ্বাৰা প্ৰতিটো মাধ্যম (বিশেষকৈ সামাজিক মাধ্যম) ত অবিৰাম নিৰীক্ষণ আৰু সক্ৰিয় অভিযানৰ বলত। এতিয়ালৈ ৭১জন দেশবিৰোধীক কাৰাগাৰৰ বাট দেখুওৱা হৈছে। শেহতীয়াকৈ আটক হোৱা বিশ্বাসঘাতককেইজন হ’ল ক্রমে ৰূপচান আলী, ৰচিদ মণ্ডল ওৰফে আব্দুল ৰছিদ আৰু ৰাজু শ্বেখ।