পাকিস্তানক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুৰুষৰ জুনিয়ৰ হকী এছিয়া কাপত ভাৰতৰ সফলতা ৷ ওমানত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ হকী এছিয়া কাপৰ ফাইনেল খেলখন বুধবাৰে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল ৷ ভাৰতীয় দলটোৱে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পাকিস্তানক ৫-৩ গ’লত পৰাস্ত কৰে ৷ সমান্তৰালকৈ প্ৰতিযোগিতাখনৰ ইতিহাসত অভিলেখ সৃষ্টিকাৰী পঞ্চমটো খিতাপ দখল কৰিবলৈ সক্ষম হয় । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত জুনিয়ৰ হকী এছিয়া কাপৰ এয়া ক্ৰমাগত দ্বিতীয়খন ফাইনেল মেচ আছিল । ভাৰতে প্ৰতিযোগিতাখনত বৰ্তমানলৈকে অভিলেখসংখ্যক পাঁচবাৰৰ বাবে খিতাপ জিকিছে ৷ দলটোৱে ২০০৪, ২০০৮, ২০১৪ আৰু ২০২৩ চনত এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল ।ভাৰতৰ হৈ অৰিজিত সিং হোণ্ডালে চাৰিটা গ’ল প্ৰদান কৰিছিল । ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত পাকিস্তানক পৰাস্ত কৰে । অৰিজিত সিং হোণ্ডাল দুৰ্দান্ত ফৰ্মত থাকি খেলখনৰ ৪,১৮,৪৭ আৰু ৫৪ মিনিটত ভাৰতৰ হৈ গ’ল প্ৰদান কৰে ৷ দলৰ আন এগৰাকী খেলুৱৈ দিলৰাজ সিঙেও ১৯ মিনিটত গ’ল কৰে ৷ পাকিস্তানৰ হৈ অধিনায়ক শ্বাহিদ হান্নানে তৃতীয় মিনিটত আৰু চুফিয়ান খানে ৩০ আৰু ৩৮ মিনিটত গ’ল কৰি সমতা স্থাপনৰ চেষ্টা চলাইছিল ৷ কিন্তু শেষত তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ প্ৰমাণিত হৈছিল ৷ খেলখনৰ ৩ মিনিটত পাকিস্তানে গ’ল প্ৰদান কৰি খেলখনত অগ্ৰগতি লাভ কৰিছিল যদিও ৪ মিনিটত ভাৰতে সমতা অৰ্জন কৰে । দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে দুটা গ’ল কৰি খেলখনত ৩-১ ৰ অগ্ৰগতি লাভ কৰে ৷ হাফ টাইম শেষ হোৱাৰ আগতে চুফিয়ানে এটা গ’ল কৰি ব্যৱধান ৩-২ লৈ হ্ৰাস কৰে ৷ তৃতীয় কোৱাৰ্টাৰত ভাৰতীয় দলটোৱে গ’ল প্ৰদান কৰাত বিফল হয় ৷ খেলৰ ৩৯ মিনিটত চুফিয়ান খানে আন এটা গ’ল প্ৰদান কৰি ৩-৩ ত সমতা স্থাপনৰে পাকিস্তানে প্ৰত্যাৱৰ্তন কৰা দেখা যায় ৷ কিন্তু শেষৰ কোৱাৰ্টাৰত, পাকিস্তানে গ’ল কৰাৰ সুযোগ লাভ কৰিও ব্যৰ্থ হয় ৷ ভাৰতে ৪৭ মিনিটত আৰু তাৰপিছত ৫৪ মিনিটত গ’ল কৰি খেলখনত ৫-৩ ব্যৱধানত অগ্ৰগতিৰে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷