পাকিস্তানক আইএমএফৰ ১ বিলিয়ন মার্কিন ডলাৰৰ ঋণ মঞ্জুৰ

পাকিস্তানক আইএমএফৰ ১ বিলিয়ন মার্কিন ডলাৰৰ ঋণ মঞ্জুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতৰ সৈতে সংঘাতত লিপ্ত হোৱা পাকিস্তানে আইএমএফৰ পৰা এক বিলিয়ন মার্কিন ডলাৰৰ ঋণ লাভ কৰাটো নিশ্চিত হ’ল। আইএমএফে সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানক এক বিলিয়ন মার্কিন ডলাৰ ঋণ মঞ্জুৰ কৰাত উদ্বিগ্নতা প্রকাশ কৰিছে ভাৰতে। আইএমএফৰ ঋণৰ ধন পাকিস্তানে অপব্যৱহাৰ কৰি সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰাৰো দাবী কৰে নতুন দিল্লীয়ে। পূর্বতেও পাকিস্তানে আইএমএফৰ কাৰ্যসূচীৰ জৰিয়তে ঋণ লাভ কৰি এই ধন অপব্যৱহাৰ কৰাৰ দৃষ্টান্ত আছে বুলি ভাৰতে অভিযোগ উত্থাপন কৰি আইএমএফৰ গুৰুত্বপূৰ্ণ ব’ৰ্ড মিটিঙত ভাৰত অনুপস্থিত থাকে। পেহেলগামত নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা নিষিদ্ধ সংগঠনৰ ঘাটিত আকাশ মাৰ্গেৰে বিধ্বংসী আক্রমণ চলায়। এই আক্ৰমণৰ পাছতেই  পাকিস্তানে আইএমএফৰ পৰা ঋণ বিচাৰি আবেদন জনায়। পাকিস্তানৰ এই আবেদনক ভাৰতে আপত্তি জনালেও শুকুৰবাৰে আইএমএফে পাকিস্তানলৈ এক বিলিয়ন মার্কিন ডলাৰৰ ঋণ মঞ্জুৰ কৰে। এই ঋণ এক্সটেনটেড ফাণ্ড ফেচিলিটী চমুকৈ ইএফএফ কাৰ্যসূচীৰ অধীনত মঞ্জুৰ কৰা হয়। পাকিস্তানক ঋণ প্রদান কৰাৰ ক্ষেত্রত আয়োজিত জৰুৰী আইএমএফৰ ব’ৰ্ড মিটিঙত ভাৰতে আপত্তি দর্শাই উপস্থিত নাথাকিল।