পাকিস্তানকে ধৰি ৪১খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা

পাকিস্তানকে ধৰি ৪১খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কার্যকালত আন এক বিতর্কিত সিদ্ধান্ত।এইবাৰ বিশ্বৰ ৪১খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ সাজু হৈছে ট্ৰাম্প প্ৰশাসন। কিছুদিন পূর্বে পাকিস্তানৰ কূটনীতিকক আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশত অনুমতি নিদি বিমানবন্দৰৰ পৰাই ওভতাই পঠিওৱাৰ পিছত ৰাষ্ট্ৰপতি ট্রাম্পৰ এই বিতর্কিত সিদ্ধান্তই ব্যাপক চর্চা লাভ কৰিছে। অবৈধ প্ৰব্ৰজনকাৰীক উৎখাতৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা ড’নাল্ড ট্রাম্পৰ চৰকাৰে এইবাৰ ৪১খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰিব। ইতিমধ্যে ৪১খন দেশৰ তালিকা চূড়ান্ত কৰা হৈছে। আন্তর্জাতিক সংবাদ মাধ্যমত প্ৰকাশ কৰা দেশসমূহৰ খচৰা তালিকা অনুসৰি এই তালিকাত পাকিস্তান, আফগানিস্তান আৰু ভূটানো আছে। তালিকাত তুর্কমেনিস্তান, বেলাৰুছ, ভানাটুও আছে। লক্ষণীয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ ভিছা বাতিলৰ তালিকা অনুসৰি ৰেড লিষ্টত আছে আফগানিস্তান, কিউবা, ইৰান, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, ছুডান, ছিৰিয়া, ভেনিজুৱেলা আৰু য়েমেন। তেনেদৰে দ্বিতীয় তালিকাত আছে ইৰিট্ৰেয়া, হাইটি, লাওছ, ম্যানমাৰ আৰু দক্ষিণ ছুডান।উল্লেখযোগ্য যে, ড‘নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত মুছলমান সংখ্যাগৰিষ্ঠ সাতখন দেশৰ নাগৰিকৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যিটো ২০১৮ চনত উচ্চতম ন্যায়ালয়েও সমৰ্থন কৰিছিল।  মন কৰিবলগীয়া যে যোৱা ২০ জানুৱাৰীত ৪৭ সংখ্যক মার্কিন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্রহণ কৰিয়েই ড’নাল্ড ট্রাম্পে বিশ্বক চমকিত কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰব্ৰজন নীতিৰ পৰা মার্কিন নাগৰিকত্বৰ উপৰি শুল্কৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ট্রাম্পে। এই বিতৰ্ক চলি থকাৰ মাজতে পুনৰ ট্রাম্পে ৪১খন দেশৰ নাগৰিকৰ মার্কিন ভ্ৰমণত নিষেধাজ্ঞাৰ বিতর্কিত সিদ্ধান্ত পোহৰলৈ আহিছে।