পাঁচ মিনিট – ইভা গন্ধীয়া ফুকন 

পাঁচ মিনিট

ইভা গন্ধীয়া ফুকন 

মাথোঁ পাঁচ মিনিট
তাৰ পাছত তুমি কেঁকুৰিটো পাৰ হৈ যাবা
তোমাৰ খুজবোৰত ধূলি উৰিবলৈ ল’ব
উভতি নাচাবা
তুমি সীমান্তৰ প্ৰহৰী চনত
কৰ্তব্যৰ তাগিদাত যোৱা আগবাঢ়ি
মই চাই ৰ’ম তোমাক চকুৰ আঁতৰ নোহোৱালৈকে
বুকুত সাহ বান্ধি চকুলো সামৰি
মই যে সৈনিকৰ পত্নী
আহিল বিভাগীয় আদেশ
সীমান্তত লাগিছে যুদ্ধ
তিনিমাহৰ পাছত আহিছিলা ঘৰলৈ
সন্তান জন্মৰ বাতৰি পাই
ছুটী শেষ নোহোৱাকৈ যাবলৈ ওলালা
পাঁচ মিনিটতে সকলো সামৰি
পাঁচ মিনিটতে বহু আশা শেষ হয়
পাঁচ মিনিটতে উৰাজাহাজখনে দিগন্ত চুৱেগৈ
পাঁচ মিনিটতে ৰেলৰ উকিটো শেষ হয়
নাওখনো গৈ সিপাৰত লাগে
মাথোঁ  পাঁচ মিনিট
এটি বিশেষ সময়
বৃদ্ধ মাতৃৰ চৰণত সেৱা এটি জনাই
সদ্যজাত সন্তানৰ মুখলৈ চাই সজল নেত্ৰে
বিদায় লোৱাৰ সময়
মাথোঁ পাঁচ মিনিট
পত্নীৰ মুখলৈ চাব নোৱাৰাৰ সময়
দেশ মাতৃক ৰক্ষাৰ বাবে ঢাপলি মেলাৰ সময়
চিন্তা নকৰিবা
তোমাৰ অনুপস্থিতিত
সন্তানৰ লালন -পালন
বৃদ্ধমাতৃৰ শুশ্ৰূষা
ঘৰৰ সকলো দায়িত্ব মই কৰিম পালন
বুকুত ৰাখি তোমাৰ প্ৰতিচ্ছবি
মই যে সৈনিকৰ পত্নী।