পাঁচ দিনে কিয় হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল মিকিৰভেটা আৰক্ষীয়ে

পাঁচ দিনে কিয় হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল মিকিৰভেটা আৰক্ষীয়ে

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ নুৰ নেহাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত লম্পট স্বামী বাহাৰুল ইছলামৰ বিৰুদ্ধে বালিজানৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। এতিয়ালৈকে পত্নীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰা মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত‌ আৰক্ষী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্ব অভিযোগ উত্থাপিত হৈছে। যাক লৈ আজি বলিজান বজাৰত হাতে হাতে পেল কাৰ্ড লৈ মিকিৰভেটা থানাৰ অ’চি গ বেগ, আমাক ন্যায় লাগে ,ন্যায় দিয়ক, হত্যাকাৰীক বিচাৰ লাগে বুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। মৃত নুৰ নেহাৰৰ পৰিয়ালৰ লোকে, অভিযুক্ত তথা ঘাতক স্বামী বাহাৰুল ইছলামৰ লগতে হত্যা কাণ্ডৰ লগত জড়িত থকা বাহাৰুল ইছলামৰ বন্ধু ৰমজান আলীৰ বিৰুদ্ধে এখন এজাৰৰ দাখিল কৰিছিল যদিও সেইখন ফালি আন এখন এজাৰৰ দাখিল কৰিবলৈ কয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে এই কথা জানিব দিয়ে পৰিয়ালৰ লোকে। আন এক গুৰুত্ব অভিযোগ উত্থাপিত কৰে যে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ধনৰ লেনদেন আৰম্ভ কৰিছে। এতিয়া ‌প্ৰশ্ন হয় মৰিগাঁও জিলাৰ মিকিৰভেটাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে কিয় ব্যৰ্থ হৈছে, ৫ দিন পাৰ হৈ যোৱাৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। পৰিয়ালৰ লোকৰ দাবী অতি শীঘ্ৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰক। লগতে হত্যাকাৰীৰ বিৰুদ্ধে উচিত শাস্তি বিহিবলৈ অসমৰ মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়।