পাঁচ গৰাকী শিক্ষকক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিয়ে শিক্ষক দিৱস উপলক্ষে ৫ গৰাকী মহান শিক্ষা গুৰুক এখনকৈ ফুলাম গামোচা আৰু একোটাকৈ স্মাৰকেৰে সম্বৰ্ধনা জনাই৷কাৰ্যসূচীটোত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক প্ৰাঞ্জল দাস,কামৰূপ মহানগৰ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক অশোক ৰায়,জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী ৰেনু দেউৰী,সদস্যা বিনিতা ডেকা৷,দক্ষিণ গুৱাহাটী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল গোস্বামী,উপ সভাপতি সঞ্জু বড়োৱে৷