পাঁচদিনীয়া ভ্রমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

পাঁচদিনীয়া ভ্রমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ বিদেশ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ৮ মে’ৰ পৰা ১২ মে’লৈ নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ৮ আৰু ৯ মে’ তাৰিখে নিউজিলেণ্ড ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি আশা কৰা হৈছে। তদুপৰি মন্ত্ৰীগৰাকীয়ে এই ভ্রমণকালত দেশখনৰ বাণিজ্যিক ক্ষেত্ৰৰ লব্ধপ্রতিষ্ঠ নেতৃত্ব আৰু অকলেণ্ডত প্রবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব। ৰাজ্যিক বিদেশ মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই ফিজিত তৃতীয় গিৰমিট দিৱসৰ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰি সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰিব। তদুপৰি তেওঁ ফিজিৰ ৰাজনৈতিক নেতাসকলৰ সৈতেও বৈঠকত মিলিত হ’ব। উল্লেখ্য যে শেহতীয়াকৈ নিয়মীয়া দ্বিপাক্ষিক আদান-প্রদানৰ জৰিয়তে প্রশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৈচিত্র্যময় আৰু অধিক শক্তিশালী হৈ উঠিছে। কেন্দ্রীয় বৈদেশিক ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ আগন্তুক ফিজি আৰু নিউজিলেণ্ড ভ্রমণে প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্কক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।