পাঁচদিনীয়া ভ্রমণসূচীৰে অসমলৈ লােকসভাৰ অধ্যক্ষ ওম বিৰলা 

pc Time8

পাঁচদিনীয়া ভ্রমণসূচীৰে অসমলৈ লােকসভাৰ অধ্যক্ষ ওম বিৰলা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- পাঁচদিনীয়া বিশেষ কার্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে লােকসভাৰ অধ্যক্ষ ওম বিৰলাএপ্রিলৰ পৰা অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ পার্লিয়ামেণ্টৰী এছ’চিয়েছৰ বিভিন্ন কার্যসূচীত অধ্যক্ষগৰাকীয়ে অংশগ্রহণ কৰিবশনিবাৰে ৯ বজাত তেওঁ কমনৱেলথ পার্সিয়ামেণ্টৰী এছচিয়েছনৰ কার্যকৰী সমিতিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবতাৰপিছতে ১১.৩০ বজাত কামাখ্যা মন্দিৰ দর্শনৰ বাবে ৰাওনা হব। আনহাতে বিয়লি মাছখােৱাৰ সাংস্কৃতিক প্রকল্পত আয়ােজন কৰা এক অনুষ্ঠানতাে  অংশগ্রহণ কৰিব। 

অধ্যক্ষ ওম বিৰলাই ১১ এপ্রিলত কমনৱেলথ পালিয়ামেণ্টৰী এছচিয়েছনৰ ইণ্ডিয়া ৰিজনৰ অষ্টম সংখ্যক সন্মিলনৰ শুভাৰম্ভ কৰিব আৰু এই উপলক্ষে আয়ােজিত দিনজোৰা বিভিন্ন কার্যসূচীতাে অংশ ল’। ১২ এপ্রিলৰ দিনৰ ১২.৩০ বজাত সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰি অধ্যক্ষগৰাকী সন্ধিয়া ৬.২০ বজাত অসম ভ্ৰমণ সামৰি পুনৰ দিল্লীলৈ ৰাওনা হ’ব