পাঁচখন জিলাৰ শীৰ্ষ আৰক্ষী অধীক্ষকক বদলি
ৰঙিলী বাৰ্ত্তাসেৱা-বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পিছত অৰ্থাৎ সোমবাৰে অসম আৰক্ষীৰ শীর্ষ পর্যায়ত হ’ল ব্যাপক সালসলনি । বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই অসমৰ পাঁচখন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি কৰাৰ লগতে নতুন নিযুক্তিও প্রদান কৰা হয়। চৰকাৰী অধিসূচনা অনুসৰি মাজুলী, দক্ষিণ শালমৰা, শদিয়া, চিৰাং আৰু ধেমাজি জিলাৰ শীৰ্ষ আৰক্ষী অধীক্ষকসকলক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে ৷ লক্ষণীয়ভাৱে এই পাঁচ জিলাৰ ভিতৰত মাজুলী আৰু ধেমাজিৰ বাহিৰে আন তিনিখন জিলা ক্রমে দক্ষিণ শালমাৰা, শদিয়া আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকক কিছুদিন পূর্বেহে নতুনকৈ নিযুক্তি দিয়া হৈছিল। এনে অৱস্থাৰ পাছতো আজি নির্বাচন আয়োগে মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰ অনুসৰি এই পাঁচখন জিলাৰ আৰক্ষী অধীক্ষকসকলক সালসলনি কৰি নতুনকৈ নিযুক্তি দিয়া হৈছে। সেই মর্মে মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেণ টকবীৰ স্থানত হৰেণ টকবীৰ স্থানত ছোমালিন শুভদর্শিনীক নিযুক্তি দিয়া হৈছে। আনহাতে, দক্ষিণ শালমাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মৃণাল কুমাৰ ডেকাৰ ঠাইত শীতল কুমাৰক, শদিয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক জগদীশ দাসৰ স্থানত আঞ্চল চৌহানক, চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ ঠাইত সুধাকৰ সিঙক আৰু ধেমাজিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকাৰ ঠাইত মোহনলাল মিনাক দায়িত্ব অর্পণ কৰা হৈছে। এই আটাইকেইগৰাকী আৰক্ষী বিষয়াক মঙলবাৰে পুৱা ১১ বজাৰ ভিতৰত নিজৰ পদবীত যোগদানৰ বাবেও স্পষ্ট নির্দেশনা দিয়া হৈছে। উল্লেখ্য যে, অসমত ১২৬ টা বিধানসভা সমষ্টিৰ বাবে ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব । ৰাজ্যখনত এই নিৰ্বাচন মাথোঁ এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ৷ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে আকস্মিকভাৱে অহা এই বদলিৰ খবৰে বেছ চৰ্চা লাভ কৰিছে ৷
