পহুমৰা জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

পহুমৰা জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন

বুলমণি বৰি,লখিমপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- পহুমৰা জাতীয় বিদ্যালয়ৰ উদ্যোগত ৫ জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পহুমৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকসকলে পৰিৱেশ সুৰক্ষাৰ বাবে বিদ্যালয় চৌহদত গছপুলি ৰোপণ কৰে। মুখ্য ৰোপক হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলা সভাপতি তথা বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাউন্সিল সদস্য ফণীধৰ বৰুৱাই।তাৰ পিছতেই এখনি সজাগতা সভা অনুষ্ঠিত হয়। পহুমৰা জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত পাৱে আঁত ধৰা সভাত সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলা সম্পাদক ডিম্বেশ্বৰ গগৈয়ে। নিদিষ্ট বক্তা হিচাপে ফণীধৰ বৰুৱাই কয় যে বিশ্ব পৰিৱেশ দিৱস বুলিলে কেৱল গছ গছনি ৰোপন কৰাকে নুবুজাই। যিহেতু আমাৰ পৰিৱেশ বায়ু প্ৰদূষণ জল প্ৰদূষণ ভূমি প্ৰদূষণৰ বাবেও বিভিন্ন সময়ত বিভিন্ন কাৰণত প্ৰদূষিত হৈ আহিছে। সুস্থ পৰিৱেশ এটাত সুস্থ জীৱন যাপন কৰিবলৈ হ’লে আমি আমাৰ পৰিৱেশ সমূহ নিজেই সুৰক্ষিত কৰি ৰাখিব লাগিব। আমি পলিথিন ব্যৱহাৰ নকৰি কাগজৰ বেগ ব্যৱহাৰ কৰি জলাশয় নলা নৰ্দমাত পেলনীয়া সামগ্ৰী পেলোৱাৰ পৰিৱৰ্তে ডাষ্টবিন ব্যৱহাৰ কৰি গছ গছনি ধ্বংস কৰাৰ পৰিৱৰ্তে গছ গছনি ৰোপন কৰি মুঠতে দৈনন্দিন জীৱন ধাৰণত যাতে পৰিৱেশৰ একো ক্ষতি নহয় তাৰ বাবে সদায় সতৰ্ক হ’লেহে আমাৰ পৰিৱেশ সুন্দৰ আৰু সুস্থ হব আৰু তেতিয়াহে বিশ্ব পৰিৱেশ দিৱস উদযাপন সাৰ্থক হব বুলি তেখেতে ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা  ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষক মৰ্চাৰ কোষাধ্যক্ষ জগদীশ গুপ্তা অনাতাঁৰ শিল্পী চম্পা বৰি শিঙৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জিতু তাচা আৰু শিল্পী পৱিত্ৰ মৰাঙেও বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়।ছাত্ৰ ছাত্ৰী সকলৰ গীত মাত পৰিৱেশনেৰে অনুষ্ঠানভাগ সফল সামৰণি পৰে।