পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত লোকক শেষ শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সন্ত্রাসবাদীয়ে পেহেলগামত বৰ্বৰতাৰে পৰ্যটকক হত্যা কৰাৰ প্ৰতিশোধ বিচাৰিছে দেশবাসীয়ে। দেশজুৰি সন্ত্রাসবাদী হিংস্রতাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত হৈছে। এই প্রতিবাদতেই ফুটি উঠিছে তেজৰ সলনি তেজ লাগে, গুলীৰ পৰিৱৰ্তে গুলী ফুটাব লাগে। হিন্দু নে মুছলমান, প্রশ্ন সুধি সন্ত্রাসবাদীয়ে পৰ্যটকক হত্যা কৰা জঘন্য কাণ্ডক দেশবাসীয়ে একমুখে গৰিহণা তথা ধিক্কাৰ দিয়াৰ সমান্তৰালকৈ সন্ত্রাসবাদীক সমূলঞ্চে নিঃশেষ কৰাৰো দাবী জনাইছে। নিৰীহৰ তেজেৰে ফাকু খেলা পাক সন্ত্রাসবাদীক কঠোৰ হাতেৰে দমন কৰিবলৈ দেশৰ সৰ্বস্তৰত জোৱাৰ উঠিছে। মঙলবাৰে ভূ-স্বর্গ কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে নির্বিচাৰ গুলীচালনা কৰি দেশী-বিদেশী ২৬ পর্যটকক হত্যা কৰাৰ কেইঘণ্টামান পিছতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ শ্রীনগৰত উপস্থিত হৈছিল। শ্রীনগৰত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ অন্তত বুধবাৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে সন্ত্রাসবাদীয়ে ৰক্তাক্ত কৰা ঘটনাস্থলী পেহেলগামলৈ যায়। সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণত প্রাণ হেৰুওৱা নিৰীহ লোকক গৃহমন্ত্রী অমিত শ্বাহে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নিহতৰ পৰিয়ালক সাক্ষাৎ কৰে। প্ৰাণ হেৰুওৱা লোকক গৃহমন্ত্রী শ্বাহে শ্রদ্ধাঞ্জলি জনোৱাৰ পিছত ঘটনাস্থলী পেহেলগামৰ বাইচ’ৰানলৈ যায় গৃহমন্ত্ৰীগৰাকী। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা ‘নিয়া’ আৰু সেনাৰ দলেও ঘটনাস্থলী নিৰীক্ষণ কৰে। মঙলবাৰে সন্ত্রাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা পৰ্যটকৰ মৃতদেহ বুধবাৰে পুৱা শ্রীনগৰৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ অনা হয়। এই নিয়ন্ত্রণ কক্ষতেই পুষ্পাঞ্জলি দি গৃহমন্ত্রী অমিত শ্বাহে প্রাণ হেৰুওৱা লোকলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি অনন্তনাগৰ চিকিৎসালয়লৈ গৈ আহতসকলৰো স্বাস্থ্যৰ বুজ লয় গৃহমন্ত্রী শ্বাহে। পেহেলগামৰ বাইচ’ৰান অঞ্চলটো আকাশমাৰ্গেৰে পৰিদৰ্শন কৰি গৃহমন্ত্ৰীগৰাকীয়ে পিছত পৰিস্থিতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। সন্ত্রাসবাদীৰ এই বৰ্বৰ আক্ৰমণক কাপুৰুষালি আখ্যা দি সন্ত্রাসবাদত শিৰনত নকৰাৰ হুংকাৰ দিয়ে গৃহমন্ত্রী শ্বাহে। ইপিনে পেহেলগামত সন্ত্রাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্রাসবিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। কাশ্মীৰৰ পৰা সন্ত্রাসবাদৰ সৈতে জড়িত থকাৰ সন্দেহত ১,৪০০তকৈ অধিক লোকক আৰক্ষীয়ে আটক কৰিছে। ইয়াৰে ভিতৰত আঢ়ৈশতকৈ অধিক সন্ত্রাসবাদৰ হৈ অভাৰগ্ৰাউণ্ড কাম কৰা কর্মীও আছে। মঙলবাৰে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ অধীনৰ টি আৰ এফে পেহেলগামত চলোৱা নৰসংহাৰত প্রাণ হেৰুওৱা লোকৰ ভিতৰত এগৰাকী নৌসেনা বিষয়াৰ লগতে বিহাৰৰ আবকাৰী পৰিদৰ্শক, আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত কলকাতাৰ অভিযন্তা, কৰ্ণাটকৰ ৰিয়েল ব্যৱসায়ীও আছে। প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি উপভোগ কৰিবলৈ গৈ পেহেলগামত সন্ত্রাসবাদীৰ আক্ৰমণত প্রাণ হেৰুওৱা দেশী-বিদেশী ২৬ পৰ্যটকৰ ভিতৰত মহাৰাষ্ট্ৰৰ ছয়জন, গুজৰাট, কৰ্ণাটক আৰু পশ্চিমবংগৰ তিনিজনকৈ আৰু অন্ধ্ৰপ্ৰদেশ, কেৰালা, ওড়িশা, উত্তৰ প্ৰদেশ, প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশৰ এজনকৈ লোকৰ লগতে এজন নেপালী নাগৰিক । নিহতসকলৰ ভিতৰত আছে পাহলগামৰ এজন স্থানীয় লোকো । সন্ত্রাসবাদীৰ আক্ৰমণৰ বলি হোৱা পর্যটককেইজন হৈছে- সুশীল নাত্যাল, ছৈয়দ আদিল হুছেইন শ্বাহ, হেমন্ত সুহাশ যোশী, বিনয় নাৰৱাল, অতুল শ্রীকান্ত মণি, নীৰজ উধৱানি, বিটন অধিকাৰী, সুদীপ নিউপানে, শুভম দ্বিবেদী, প্রশান্ত কুমাৰ ছত্ৰপতি, মনীষ ৰঞ্জন, এন ৰামাচন্দ্ৰ, সঞ্জয় লক্ষ্মণ লালি, দীনেশ আগৰৱালা, সমীৰ গুহৰ, দিলীপ দাচালি, জে চচন্দ্র মলি, মধুসূদন সমীচেটী, সন্তোষ জাঘ্রা, মঞ্জুনাথ ৰাও, কস্তুবা গণভোটাই, ভাৰত ভূষণ, সুমিত পাৰমাৰ, যতীশ পাৰমাৰ, টাগে হেলিন আৰু শৈলেশভাই এইচ হিম্মতভাই কালাথিয়া। লক্ষণীয় যে ভয়াৱহ আক্ৰমণৰ পিছতেই পাকিস্তানস্থিত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ অধীনত দ্য ৰেজিষ্ট্ৰেচন ফ্রন্ট, চমুকৈ টি আৰ এফে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। টি আৰ এফৰ আক্রমণে এইটো স্পষ্ট কৰি দিয়ে যে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণত পাকিস্তান জড়িত আছে। এনে পৰিপ্ৰেক্ষিততেই পাকিস্তানস্থিত সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দেশবাসী ক্ষোভত ফাটি পৰিছে। ইপিনে পেহেলগামত আক্ৰমণৰ পিছত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই সর্বদলীয় বৈঠকৰ আহ্বান জনাইছে।