প’ষ্ট মেলনৰ কনচাৰ্টর্টত বিদেশী মহিলাক অশালীন ব্যৱহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্রখ্যাত পপষ্টাৰ প’ষ্ট মেলনৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহা বিদেশী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ ।খানাপাৰাত একাংশ উদণ্ড যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। আন্তর্জাতিক খ্যাতিসম্পন্ন ৰেপাৰজনৰ অনুষ্ঠান চাবলৈ অসমলৈ আগমন ঘটিছিল বিভিন্ন দেশৰ পৰ্যটকৰ। যিয়ে অসম তথা গুৱাহাটীক নতুনকৈ চিনাকি কৰাই দিয়ে বিশ্ববাসীৰ সন্মুখত। কিন্তু এগৰাকী ব্ৰিটিছ মহিলাই ইনষ্টাগ্রামযোগে উত্থাপন কৰা এই গুৰুতৰ অভিযোগে এতিয়া সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখ্য যে যোৱা ৮ ডিচেম্বৰত খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল প’ষ্ট মেলনৰ কনচাৰ্ট। যি সংগীতানুষ্ঠান চাবলৈ গুৱাহাটীত উপস্থিত হয় ব্ৰিটিছ নাগৰিক এমা আৰু তেওঁৰ বান্ধৱী আমিনা। খানাপাৰাৰ নিৰ্দিষ্ট স্থানলৈ অহালৈকে সকলো ঠিকে-ঠাকে আছিল, কিন্তু দুয়ো কনচার্ট হলৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে কেইজনমান নৰাধমে দুষ্কাৰ্য সংঘটিত কৰে। পৰিণতিত এমা আৰু আমিনাই বহুপ্রত্যাশিত প’ষ্ট মেলনৰ কনচাৰ্ট উপভোগ নকৰি আঁতৰি আহিবলৈ বাধ্য হয়। ইনষ্টাগ্রামত এক ভিডিঅ’সহ দিয়া পোষ্টত পৰ্যটক ব্ল’গাৰ এমাই সমগ্র ঘটনাটো সন্দর্ভত উল্লেখ কৰিছে এইদৰে ‘ভাৰতত কনচাৰ্ট মহিলাসকলৰ বাবে সুৰক্ষিত স্থান হিচাপে আপোনালোকে গণ্য কৰেনে? যোৱা নিশা গুৱাহাটীত প’ষ্ট মেলনৰ কনচাৰ্টৰ পৰিস্থিতি আমাৰ বাবে অতি গুৰুতৰ হৈ পৰে। জনসমাগমৰ মাজত থকা দুগৰাকী মহিলা মই আৰু আমিনাই ভিৰৰ মাজত প্ৰৱেশ কৰাৰ কেইমিনিটমান পাছতে বিনা অনুমতিত স্পৰ্শ কৰা হৈছিল। ‘ শাৰীৰিকভাৱে এনেদৰে অপদস্থ কৰাৰ পাছত ১০ মিনিটৰ ভিতৰতে দুয়ো ভিৰ হৈ থকা সেই স্থানৰ পৰা বিক্রেতাসকলৰ বাবে থকা ঠাইলৈ আঁতৰি আহিবলৈ বাধ্য হৈ পৰিছিল বুলি এমাই উল্লেখ কৰিছে। আনকি অপ্রত্যাশিতভাবে ঘটা এই ঘটনাৰ কাৰণে দুয়ো কনচাৰ্ট উপভোগ নকৰাৰ কথা সদৰী কৰি ব্ৰিটিছ মহিলাগৰাকীয়ে কয় যে এয়া স্বাভাৱিক ভিৰৰ মাজত হোৱা হেঁচা-ঠেলা নাছিল। বৰঞ্চ ই নাৰীৰ ওপৰত হোৱা হিংসা আৰু ৰাজহুৱা স্থানত মহিলাক কৰা হাৰাশাস্তি। কেৱল কনচাৰ্টতেই নহয়, সকলোতে মহিলাসকলে নিৰাপদ অনুভৱ কৰাটো প্রয়োজন। অৱশ্যে এনেধৰণৰ দুষ্কাৰ্যই সামগ্রিকভাৱে সমগ্র গুৱাহাটীকে প্রতিনিধিত্ব নকৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। এই প্রসংগত এমাই পোষ্টটোত কয় যে এয়া সামগ্রিকভাৱে গুৱাহাটীৰ প্ৰতিফলন নহয়। তাত আমি থকা সময়ৰ ভিতৰত বহু মৰম, আদৰণি আৰু প্ৰকৃত আতিথ্য লাভ কৰিছিলোঁ। যোৱা নিশা বহু মৰমিয়াল আৰু সন্মান প্রদর্শনকাৰী পুৰুষকো লগ পাইছোঁ। কিন্তু সন্মান বা সন্মতি অবিহনে একাংশ পুৰুষৰ আচৰণে সম্পূৰ্ণ অভিজ্ঞতাকে নষ্ট কৰাৰ লগতে সৃষ্টি কৰে ভয়ৰ পৰিৱেশ। পোষ্টটোৰ শেষত ব্রিটিছ ব্ল’গাৰগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ লিখিছে-মহিলাসকলে নিৰাপদ অনুভৱ কৰাটো উচিত। কেৱল কনচাৰ্টতে নহয়, সর্বত্র। ইফালে সমগ্র বিষয়টো সন্দর্ভত মহানগৰ আৰক্ষীয়ে প্রতিক্রিয়া প্ৰকাশ কৰিছে। এক সংবাদ মেলত গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত অংকুৰ জৈনে জানিবলৈ দিয়া মতে, ঘটনাক লৈ ভুক্তভোগীয়ে বর্তমান পর্যন্ত কোনো লিখিত অভিযোগ দাখিল কৰা নাই। তৎসত্ত্বেও ইনষ্টা গ্রামত ভাইৰেল হোৱা পোষ্টটোৰ পিছতে এমা আৰু তেওঁৰ বান্ধৱী আমিনাৰ টুইটাৰ হেণ্ডেলযোগে যোগাযোগ কৰাৰ কথা জানিবলৈ দি যুটীয়া আৰক্ষী আয়ুক্ত জৈনে কয় যে আজি ৰাতিপুৱা মই ইনষ্টাগ্রামত এটা ৰীল পোষ্ট পাইছোঁ। পোষ্টটো ব্রিটিছ নাগৰিক এমাৰ। অভিযোগ কৰিছে- যোৱা ৮ ডিচেম্বৰত প’ষ্ট মেলনৰ কনচাৰ্টৰ সময়ত তেওঁৰ লগত হাৰাশাস্তি হৈছিল। কিন্তু এই বিষয়ত এতিয়ালৈকে আমি কোনোধৰণৰ অভিযোগ লাভ কৰা নাই। যুটীয়া আৰক্ষী আযুক্ত জৈনে জানিবলৈ দিয়া মতে, প’ষ্ট মেলনৰ কনচাৰ্টৰ দিনা যথেষ্ট সংখ্যক আৰক্ষী বিষয়া-জোৱানৰ লগতে বুক মাই শ্ব’ৰ তৰফৰ পৰাও নিৰাপত্তাৰক্ষী নিয়োজিত আছিল। মই বুক মাই শ্ব’ৰ কর্তৃপক্ষৰ লগতো কথা পাতিছোঁ। তেওঁলোকেও ঘটনা সন্দর্ভত কোনোধৰণৰ অভিযোগ নোপোৱাৰ কথা জানিবলৈ দিছে। কনচাৰ্টৰ সময়ত যিকোনো ঘটনা ঘটিলে অভিযোগ কিদৰে ভুক্তভোগীয়ে দিব পাৰিব, সেই বিষয়ে আমাৰ তৰফৰ পৰা জনাই থোৱা আছিল। এমা আৰু আমিনা দুয়োৰে টুইটাৰ হেণ্ডেললৈ গৈ মই তেওঁলোকক মেছেজ কৰিছোঁ- কিবা অভিযোগ থাকিলে দিয়ক। পিছে এতিয়ালৈকে কোনোধৰণৰ অভিযোগ পোৱা নাই। তেওঁ পুনৰ কয় যে অসম আৰক্ষীয়ে মহিলা সুৰক্ষাত অগ্ৰাধিকাৰ দি আহিছে। আমাৰ অসমলৈ অহা অতিথি যদি হাৰাশাস্তিৰ সন্মুখীন হৈছে, তেনে অভিযোগৰ ওপৰত ব্যৱস্থা ল’বলৈ আমি সাজু।
