পশ্চিম বৰাগাঁৱৰ শ্ৰীশ্ৰী বংশী গোপালদেৱৰ শুভাৰম্ভ

পশ্চিম বৰাগাঁৱৰ শ্ৰীশ্ৰী বংশী গোপালদেৱৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম বৰাগাঁৱৰ শ্ৰীশ্ৰী বংশীগোপালদেৱৰ মন্দিৰ আৰু নামঘৰৰ সভাঘৰ-ভড়াঁলঘৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১০ লাখ আগবঢ়োৱা আনটাইড্ পুঁজিৰ টকাৰে পবিত্ৰ ৰাখি পূৰ্ণিমা তিথিত নিৰ্মাণ কাৰ্য্য শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিধায়ক তথা অসম ৰাজ্যিক ভাজপাৰ সভাপতি ভৱেশ কলিতা,গুৱাহাটী মহানগৰীৰ পৌৰপতি মৃগেন শৰণীয়া,স্থানীয় পাৰিষদ কল্পনা দাস,সমাজকৰ্মী,নিৰ্মাণ সমিতিৰ সম্পাদক ভূমিধৰ দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ৰাইজক কৃতাৰ্থ কৰে। লগতে অঞ্চলটোল ৰাইজ উপস্থিত থাকি অনুষ্ঠানৰ কাৰ্যসূচী সফল কৰি তোলে।