পশ্চিম দৰঙৰ তিনিখন বিদ্যালয়ত বিজ্ঞান বিষয়ত আৰ্হি প্ৰস্তুতকৰণৰ কৰ্মশালা সম্পন্ন
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-দৰঙৰ পশ্চিম প্ৰান্তৰ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞান বিষয়ত আৰ্হি প্ৰস্তুতকৰণৰ এক কৰ্মশালা যোৱাকালি বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় । বিদ্যালয়খনত স্থাপিত INNOVATIVE & COMMUNITY LEARNING HUB ৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়,বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে মুঠ ১১ টা ভিন ভিন দিশত আৰ্হি আৰু ক্ৰিয়াকলাপ প্ৰদৰ্শন কৰে৷ অসম বিজ্ঞান সমিতিয়ে আগবঢ়োৱা ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা প্ৰাপক, দৰঙৰ পকাদলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰবীন্দ্ৰ হাজৰিকাই প্ৰায় দুঘন্টাযোৰা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কৰা মননশীল বাৰ্তালাপে উপস্হিত আটাইৰে সমাদৰ লাভ কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূষণ চন্দ্ৰ চহৰীয়া , বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথ আৰু শ্ৰেষ্ঠ বিজ্ঞান শিক্ষকৰ বঁটা প্ৰাপক ৰবীন্দ্ৰ হাজৰিকাক অভিনন্দন জনোৱা হয়।