পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত আৰু অগ্নিগর্ভা পৰিস্থিতি

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উত্তপ্ত আৰু অগ্নিগর্ভা পৰিস্থিতি

ৰঙিলী বাৰ্ত্তাসেৱা- অধিক উত্তপ্ত আৰু অগ্নিগর্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, ডংকামোকামকে ধৰি কাষৰীয়া অঞ্চলসমূহ। পিজিআৰ-ভিজিআৰ ভূমিৰ উচ্ছেদক কেন্দ্ৰ কৰি কাৰ্বি, অনাকাৰ্বিৰ সংঘাত-সংঘৰ্ষত অঞ্চলটোৰ বজাৰ, ৰাজপথ, বাসগৃহত জুই জ্বলিয়েই আছে। পশ্চিম কাৰ্বি আংলঙৰ সংঘাতজৰ্জৰ পৰিৱেশ তথা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তিপূর্ণ পৰিৱেশ ৰচনাৰ বাবেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জনজাতি পৰিক্ৰমা মন্ত্রী ডাঃ ৰণোজ পেগু খেৰণিত গৈ প্ৰতিবাদকাৰীৰ লগত আলোচনাত মিলিত হোৱাৰ পিছতো শান্ত হোৱা নাই কার্বি-অনাকাৰ্বি লোকৰ সংঘাত। মন্ত্রী ৰণোজ পেগুৱে প্রতিবাদকাৰীসকলৰ লগত আলোচনাত মিলিত হোৱাৰ লগতে খেৰণি থানাৰ প্ৰেক্ষাগৃহত অনাকাৰ্বি লোকসকলৰ সৈতে বৈঠকত মিলিত হৈ অঞ্চলটোত শান্তিপূর্ণ পৰিৱেশৰ সূচনা কৰাৰ বাবে সকলোৰে প্রতি আহ্বান জনাইছিল। প্ৰতিবাদকাৰীসকলে মন্ত্ৰীৰ বুজনিত আমৰণ অনশন কার্যসূচী উঠাই লৈছিল যদিও মন্ত্ৰী ঘূৰি অহাৰ পিছতে অঞ্চলটোত পুনৰবাৰ কাৰ্বি-অনা কাৰ্বিৰ সংঘাত তুংগত উঠে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কালিৰে পৰা দুই পক্ষৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে যদিও দুপৰীয়াৰ ভাগৰ পৰা দুই পক্ষৰ মাজত ব্যাপক মাত্ৰাত হিংসাত্মক ঘটনাৰ সূত্রপাত হয়। উল্লেখ কৰিব পাৰি যে সোমবাৰে নিশাৰ ভাগলৈ একাংশ কাৰ্বি দুষ্কৃতিকাৰীয়ে খেৰণিৰ ঘাই ডেইলী বজাৰত অগ্নিসংযোগ কৰে। এই বজাৰত কোটিৰো অধিক পৰিমাণৰ সা-সম্পত্তি নষ্ট হয়। মঙলবাৰে দিনৰ ভাগত কাৰ্বি-অনাকাৰ্বিৰ মাজত সংঘাত সৃষ্টিৰ মাজতে বহু অনাকার্বি অঞ্চলৰ বাসগৃহ, বাহন আদিত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। আনহাতে, মঙলবাৰে অনাকার্বি লোকসকলেও খেৰণিত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আৰু প্ৰতিবাদকাৰীৰ মাজত গঠনমূলক আলোচনা সম্পন্ন হোৱাৰ পিছতো একাংশ অনাকাৰ্বি লোকে খেৰণিত সমৱেত হৈ পৰিৱেশ উত্তেজনাময় কৰি তোলে। সেই স্থানতে মোতায়েন কৰা আৰক্ষী- অর্ধসামৰিক বাহিনীয়ে উত্তেজিত লোকসকলক বুজনি দিয়াৰ চেষ্টা চলাই যদিও লোকসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। এই ঘটনাত মহিলা আৰক্ষীকে ধৰি ৩৮ গৰাকীকৈ আৰক্ষী জোৱান আহত হয়। এই সংঘাত সন্ধিয়াৰ ভাগলৈকে অব্যাহত থাকে। দুই পক্ষৰ সংঘাতৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সন্ধিয়াৰ ভাগলৈ আৰক্ষীয়ে একাংশ দুষ্কৃতিকাৰীলৈ কন্দুৱা গেছ আৰু গুলী নিক্ষেপ কৰে। যাৰ ফলত তিনিজনকৈ কাৰ্বি সম্প্ৰদায়ৰ যুৱক গুলীবিদ্ধ হয়। ইয়াৰে আথিক টিমুং ওৰফে ছিংথি টিমুং নামৰ যুৱকজনৰ খেৰণি আদর্শ চিকিৎসালয়ত মৃত্যু ঘটে। বিএনএছএছৰ আধাৰত অঞ্চলটোত আৰক্ষীয়ে ১৬৩ ধাৰা জাৰি কৰি সান্ধ্য আইন দিয়াৰ পিছতো সমগ্র খেৰণি অঞ্চলত বাতৰি লিখাপর্যন্ত বজাৰ, ৰাজপথ, বাসগৃহ জ্বলিয়েই আছে। আনকি দুষ্কৃতিকাৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙৰ সন্মুখতে কেইবাখনো গাঁৱত অগ্নিসংযোগ কৰি বাসগৃহসমূহ ভস্মীভূত কৰে। বাসগৃহ তথা ব্যৱসায়িক প্রতিষ্ঠানত জ্বলা জুইত সূৰয দে’ নামৰ এজন দিব্যাংগ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীৰ শিলাবর্ষণ আৰু আনফালে আৰক্ষীৰ গুলীচালনাৰ ফলত অতি সম্প্ৰতি খেৰণিৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে নিজে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বুজনি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে যদিও পশ্চিম কার্বি আংলঙৰ পৰিৱেশ-পৰিস্থিতি বৰ্তমানলৈকে নিয়ন্ত্রণ হোৱা নাই। আনহাতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে কালিয়েই খেৰণিত গৈ উপস্থিত হোৱা মন্ত্ৰী ৰণোজ পেগুৱে মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত ফেলাংপিৰ প্ৰতিবাদস্থলীলৈ আহি আমৰণ অনশনত অংশগ্ৰহণ কৰা লিটছন ৰংফাৰৰ নেতৃত্বত প্ৰতিবাদকাৰী লোকসকলক লগ ধৰে। দুই পক্ষৰ মাজত হোৱা মত বিনিময় তথা আলোচনাৰ অন্তত প্রতিবাদকাৰীসকলে আমৰণ অনশন প্রত্যাহাৰ কৰে। আনহাতে, মন্ত্ৰী ৰণোজ পেগুৱে খেৰণি থানাৰ প্রেক্ষাগৃহত অনাকার্বি লোকসকলৰ সৈতেও এক আলোচনাত মিলিত হয়। এই আলোচনা কালতে অনাকার্বি লোকসকলে খেৰণিত সংঘটিত দুর্ভাগ্যজনক ঘটনাৰ বাবে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাইজ আহমেদ বৰভূঞাক বদলি কৰিবলৈ দাবী জনায়। অনাকার্বি লোকসকলে মন্ত্ৰীৰ সন্মুখতে আৰক্ষী বিষয়াগৰাকীৰ দুৰ্বলতাৰ বাবে তথা খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে ফাইজ আহমেদ বৰভূঞাই জগৰীয়া বুলি অভিযোগ কৰে। মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই সন্দৰ্ভত তৎকালীনভাৱে ফাইজ আহমেদ বৰভূঞাক বদলি কৰা হ’ব বুলি প্রতিশ্রুতি দিয়ে। পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক ফাইজ আহমেদ বৰভূঞাক সপ্তম অসম আৰক্ষী বেটেলিয়নৰ ছেকেণ্ড কমাণ্ডৰ হিচাপে কোকৰাঝাৰলৈ বদলি কৰে। আনহাতে তেওঁৰ স্থানত লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নয়নমণি বর্মনক দায়িত্ব প্রদান কৰে। আনহাতে, খেৰণিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এপিবিএনৰ ৮টা আৰু অৰ্ধ সামৰিক বাহিনীৰ ৫টা কোম্পানী পশ্চিম কার্বি আংলং জিলাত মোতায়েন কৰা হৈছে। অঞ্চলটোত বর্তমানো পৰিস্থিতি উত্তপ্ত হৈ আছে। কাইলৈ সমগ্র খেৰণি অঞ্চলত সেনাই ফ্লেগমার্চ কৰিব বুলি জানিব পৰা গৈছে।