পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত তীব্ৰ উত্তেজনা

pc - Zee News

পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত তীব্ৰ উত্তেজনা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা । পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । এই গুলীচালনাৰ ঘটনাত নিহত হৈছে ৪ জন লোক । ৩ খাচী দুৰ্বৃত্তৰ লগতে এজন গৃহৰক্ষী জোৱান নিহত হৈছে এই গুলীচালনাৰ ঘটনাত । এই ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যতে উত্তেজনাই বিৰাজ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে অসমৰ কোনো লোককে মেঘালয়লৈ নোযোৱাৰ বাবে আহ্বান জনাইছে । যিকোনো সময়তে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে । বিশেষকৈ গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা অসমৰ লোকসকলক আৰক্ষীয়ে নাযাবৰ বাবে আহ্বান জনাইছে । গুৱাহাটীৰ খানাপাৰাত আৰক্ষীয়ে মেঘালয়লৈ যাব খোজা অসমৰ লোকসকলক ওভোতাই পঠাইছে । খানাপাৰাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । আৰক্ষীয়ে শ্বিলং অভিমুখে যোৱা অসমৰ বাহনসমূহ বিশেষকৈ অসমৰ লোকসকলক ঘূৰাই পঠিয়াইছে । কাছাৰতো আৰক্ষীয়ে লোকসকলক মেঘালয় ভ্ৰমণত বাধা আৰোপ কৰিছে ৷সীমান্তৰ উত্তেজনাক লৈ শ্বিলঙলৈ যোৱা অসমৰ লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি আশংকা কৰি অসম আৰক্ষীয়ে এনে উদ্যোগ গ্ৰহণ কৰিছে । ফলত শ্বিলং অভিমুখে যোৱা বহু লোক উভতি আহিবলগীয়া হৈছে ।উল্লেখ্য যে অসম-মেঘালয় সীমান্তত আজি আৰক্ষীৰ টহলদাৰী দললৈ লক্ষ্য কৰি আক্ৰমণ চলাইছিল খাচী দুৰ্বৃত্তই । পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত সংঘটিত হয় এই ঘটনা । চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ পিছতে এই সংঘাতৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে বাহনখন আনিবলৈ যাওঁতেই সংঘাতৰ সৃষ্টি হয় । আৰক্ষীয়ে ট্ৰাকখনলৈ লক্ষ্য কৰি চলাইছিল গুলী । আৰক্ষীৰ গুলীত ফুটিছিল ট্ৰাকৰ চকা ।ট্ৰাকখন জব্দ কৰিবলৈ যাওঁতেই সৃষ্টি হয় উত্তেজনাৰ । হাতে হাতে যাঠি লৈ আৰক্ষীৰ লোকক আক্ৰমণ কৰে দুৰ্বৃত্তই । আৰক্ষী-বন বিভাগৰ দলক ঘেৰি ধৰিছিল ৩ শতাধিক লোকে । আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় ৩ দুৰ্বৃত্ত।এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে সংশ্লিষ্ট এলেকাৰ বিভিন্ন স্থানত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে । আনহাতে অসম চৰকাৰেও পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।