পশ্চিম কামৰূপ বন সংমণ্ডলৰ কুশলী- লোহাৰঘাটত অবৈধ বালিৰ ৰমৰমীয়া বেহাত কমিচনৰ অংক
ৰিভাৰ ডলফিনৰ প্ৰতি আহিছে প্ৰচণ্ড ভাবুকি
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ কুলশী আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত চোৰাং বালিৰ ৰমৰমীয়া বেহা অব্যাহত থকা ঘটনাত সচেতন লোক তথা প্ৰকৃতিপ্ৰেমীসকলৰ চকু কপালত তুলিছে। দক্ষিণ কামৰূপ অঞ্চলৰ জীৱন দায়িনীৰূপে পৰিচিতি থকা কুলশী নদীৰ লগতে ইয়াৰ লগত সংলগ্ন বহু জান- জুৰি,সৰু বৰ বিল জলাহ লগ হৈ সৃষ্টি হোৱা কুলশী নদীৰ ওপৰত চলি থকা এই অত্যাচাৰ দেখি হতভম্ব হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকলে। এই দুই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বেছিমাৰী,জাৰুৱাগাঁও,কাহুৱা,কুলশী আই বি, বহতপুৰ, কঠালগুৰি,মুদুকী,গাড়ীলিক,বাগান কলঘৰ আদি কেইবা ঠাইত এই বালিৰ বেহা চলি আহিছে। কুলশী,বাথা আদি নদীবোৰ শুকাই যাবলৈ ধৰা স্বত্বেও ইয়াৰ ওপৰত নিৰ্বিবাদে চলিছ বালি খননৰ ভীষণ অত্যাচাৰ। অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা স্বত্বেও এচাম বালি ব্যৱসায়ীয়ে ডিএফঅ,বনাঞ্চলিক বিষয়া আৰক্ষী প্ৰশাসন তথা বালিৰ চিণ্ডিকেট চলাই যোৱা একাংশ ৰাজনৈতিক নেতাৰ ছত্ৰছায়াতে কুলশী,লোহাৰঘাট আদি অঞ্চলত বালিৰ ৰমৰমীয়া বেহা চলাই যাবলৈ সক্ষম হৈছে। এই বালিসমূহ যুদ্ধংদেহী মনোভাৱেৰে একাংশ ব্যৱসায়ীয়ে ট্ৰাক-ডাম্পাৰেৰে কঢ়িয়াই পথচাৰীকো জ্বালাকালা খুৱাইছে। বন্যপ্রাণী সংৰক্ষণ ১৯৭২ বাইল্ড লাইফ প্রটেকচন এক্টক একাষৰীয়া কৰি একাংশ বালি ব্যবসায়ীয়ে নিতৌ চোৰাংভাৱে মেচিন লগাই কুলশী নদীত বালি খনন কৰাৰ ফলত কুলশী নদী শুকাই গৈ অৱক্ষয়ৰ গৰাহত পৰে। জানিব পৰামতে,এই আইনমতে সংৰক্ষিত বনাঞ্চলত বালি উঠোৱাৰ বাবে বন আইন ১৯৮৬ ৰ মতে ভাৰত চৰকাৰৰ এমঅইএফ অর্থাৎ মিনিষ্টি অৱ এনভাইৰোমেন্ট এণ্ড ফৰেষ্টাৰ অনুমতিৰ প্রয়োজন। ইয়াৰোপৰি ৰিভাৰ ডলফিন তথা নদী শিহুৰ বিচৰণস্থলীত বালি উঠোবাব কাৰণে ডব্লিউ আই আই অর্থাৎ বাইল্ড লাইফ ইনষ্টিটিউত অৱ ইণ্ডিয়াৰ অনুমতি ল’ব লাগে। তেনেক্ষেত্রত ৰাজনৈতিক ভাৱে আশীৰ্বাদ পুষ্ট হৈ এই পশ্চিম কামৰূপ বন সংমণ্ডললৈ বদলি হৈ অহা প্ৰতি গৰাকী ডিএফঅ,বন বিষয়াই নামানে এই এই নীতি নিয়ম। তেওঁলোকে এই আইনক ভৰিৰে মোহাৰি চোৰাং বালি ব্যৱসায়ীৰ সৈতে মিলি কমিচনৰ কুলশী নদীত বালি খননৰ সুবিধাহে প্ৰদান কৰি আহিছে। যাৰবাবে বিভিন্ন কাৰণত কুলশী নদী ক্রমাত শুকাই আহে। আনকি অঞ্চলটোৰ জৈৱ-বৈচিত্র্যৰ প্ৰতি ভাবুকি অহাই নহয় ৰিভাৰ দলফিনৰ প্ৰতিও অনিশ্চয়তা আহি পৰিছে। ৰাইজৰ অভিযোগ পালে এই অঞ্চললৈ বনবিভাগৰ উচ্চ পদস্থ বিষয়া, কৰ্মচাৰীয়ে এই অঞ্চললৈ আহি ভোজভাত খাই সস্তীয়া চমক দি যোৱাক বাদে এই কুলশী আৰু লোহাৰঘাট অঞ্চলৰ নদীত চলা অত্যাচাৰ সন্দৰ্ভত চৰকাৰ বা বন বিভাগে আজিলৈ কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল। উল্লেখ যে,পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তর্গত সোণৰ কণী পৰা হাঁহত পৰিণত হোৱা কুলশী, বামুণীগাঁও,লোহাৰঘাট আদি সংৰক্ষিত বনাঞ্চলৰ আশে পাশে দুই-এটিহে বৈধ বালি মহল থকাৰে অভিযোগ উত্থাপন হৈ আহিছে। অথচ সংমণ্ডলটোত চুকে কোণে দিনে-নিশাই ক’ৰপৰা বালিভর্তি ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্য অব্যাহত থাকে তাক লৈ সচেতন লোকে প্রশ্ন উত্থাপন কৰিছে। আনকি অভিযোগ পালেই এই ঠাইবোৰলৈ বন বিভাগৰ উচ্চ পদস্থ বিষয়া অহাৰ আগমুহূৰ্তত ডিঅফঅ,বনবিষয়াৰ ফোনত চোৰাং বালি ব্যৱসায়ীৰ ট্ৰাক ডাম্পাৰৰ ঘটনাস্থলীৰ পৰা অন্তৰ্ধ্যান হয়। আনকি বালি সৰবৰাহ কৰাৰ ক্ষেত্ৰত অধিকাংশ বালিভর্তি বাহনত নাথাকে বিভাগীয় অনুমতি তথা চালান। নিশাৰ ভাগত আকৌ তীব্ৰ প্ৰতিযোগিতামূলকভাৱে বালি কঢ়িওৱাৰ ফলত একাংশই আঁকালতে প্রাণ দিবলগীয়া ঘটনা সংঘটিত হৈছে আৰু বহুজন আহত হৈ কটাবলগীয়া হৈছে। এই ঘটনা সন্দৰ্ভদ বনবিভাগৰ দায়িত্বত থকা বালিৰ বিষয়টো মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ আওতালৈ নি সুচাৰুৰূপে পালন কৰাৰ কথা আছিল যদিও কামত নাহিল। বৃট্টিছৰ শাসনতে প্রৱর্তন কৰা বন আইনখন সংশোধনৰ দাবী তুলি সাতামপুৰুষীয়া মহলদাৰী প্ৰথাৰো অৱসানৰ দাবীৰে দক্ষিণ কামৰূপ বালি ব্যৱসায়ী সন্থাই তেতিয়াৰ বনমন্ত্রী প্রমীলাৰাণী ব্ৰহ্মক চালানৰ জড়িয়তে বালি সৰবৰাহ কৰাৰ দাবী জনাইছিল। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মুখ্য ড হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰিছিল যদিও কামত অহা নাই। ফলত অঞ্চলটোত চোৰাং বালিৰ এখন ৰমৰমীয়া বেপাৰ গঢ়ি উঠিছে। প্রয়োজন অনুপাতে বিভাগটোৰ পৰা চালান সংগ্ৰহ কৰিব নোৱৱাৰ বাবেও একাংশ বালি ব্যৱসায়ীয়ে এই অঞ্চলটোৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপত অবৈধ বালিৰ বেহা চলাই গৈছে। লগতে ঠায়ে ঠায়ে ডিএফঅ, বনবিষয়া তথা ৰাজনৈতিক নেতাক মাহিলী হাৰত বালি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি দিয়া লোকে এই ক্ষেত্ৰখনৰ চোৱা চিতা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে ৰাজ্যৰ পৰিবহন বিভাগৰ হস্তক্ষেপত বিভাগটোৰ নাম লৈ দক্ষিণ কামৰূপৰ দুই এঠাইত বালিৰ ট্ৰাকৰ পৰা নিশাৰ ভাগত গোপনে ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে। খবৰমতে,এই গোপন ধন সংগ্ৰহৰ পৰা আকৌ প্ৰভাৱশালী নেতা,বনবিভাগৰ লোক,আৰক্ষী প্ৰশাসনৰ হাতলৈও যায় সংগৃহীত ধন। আনহাতে এই পশ্চিম কামৰূপ বন সংমণ্ডলত নতুনকৈ অহা প্ৰাধিকৰী বিষয়া সুবোধ তালুকদাৰ,কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া কংকনজ্যোতি কৌশিক,লোহাৰঘাটৰ বন বিষয়া নয়নজ্যোতি দাসে বালিৰ অবৈধ ব্যৱসায়খনক নাকি লগোৱাৰ সলনি অঞ্চলটোত কোন কোন প্ৰভাৱশালী বালি আৰু চোৰাংকাঠৰ ব্যৱসায়ী আছে তাৰ সন্ধানতে নামি পৰাৰ অভিযোগ উত্থাপন হৈছে। এইক্ষেত্ৰত দক্ষিণ কামৰূপৰ লগতে কুলশী,লোহাৰঘাট আদি অঞ্চলৰ এই বালিৰ ব্যবসায়খন বৈধ কৰি তুলিলে নিতৌ প্রায় ১৭০০-১৮০০ খন বালিভর্তি বাহনৰ পৰা চৰকাৰে পাবলগীয়া বাজহৰ পৰিমাণ বৃদ্ধি পাব বুলি উল্লেখ কৰে একাংশ বালি ব্যৱসায়ীয়ে। অৱশ্যে বৈধভাৱে বালি সৰবৰাহ কৰিলে প্ৰভাৱশালী ৰাজনৈতিক নেতা,জিলা প্রশাসন,পৰিবহণ বিভাগ আৰু চক্র বিষয়া, আৰক্ষী বিভাগ, বনবিভাগৰ বিষয়া কর্মচাৰীসকলে মাহিলি কমিচন সংগ্রহৰপৰা বঞ্চিত হ’বলগীয়া হয়। সেয়ে সোণৰ কণী পৰা হাঁহত পৰিণত হোৱা এই অবৈধ বালিৰ ব্যৱসায়খন বৈধৰূপত চলি থকাটো কোনো এটি বিভাগে নিবিচাৰে। যদি বালি তোলা ঘাটতে ব্যৱসায়ীসকলক চালান দিয়াৰ ব্যৱস্থা কৰা হয় তেতিয়া এনে অনিয়ম হোৱাৰ কথা নাথাকে। মুঠতে বন বিভাগ,আৰক্ষী প্রশাসন,ৰাজনৈতিক নেতা,পৰিৱহণ বিভাগক মেনেজ কৰি একাংশ ব্যৱসায়ীয়ে দক্ষিণ কামৰূপৰ লগতে কুলশী,লোহাৰঘাট আদি অঞ্চলত বালিৰ এখন অবৈধ ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে।