পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ইডি
ৰঙিলী বাৰ্ত্তাসেৱা- মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে তদন্তত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এনফ’ৰ্টমেন্ট ডাইৰেক্টৰেট, চমুকৈ ইডি। ৰাজনৈতিক পৰামৰ্শ প্রদানকাৰী সংস্থা আইপেকত তালাচী চলোৱাৰ পথত পশ্চিমবংগ চৰকাৰৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে বাধা দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি। আইপেকৰ মুখ্য কাৰ্যালয় আৰু সংস্থাটোৰ সঞ্চালক প্রতীক জৈনৰ কলকাতাৰ বাসভৱনত তালাচী চলোৱাৰ সময়তে বাধাৰ সন্মুখীন হৈছিল তদাৰকী সংস্থাটোৰ বিষয়াসকল। সংস্থাটোৰ অভিযোগ অনুসৰি কয়লা কেলেংকাৰিৰ তদন্তৰ বাবে আই-পেকৰ কাৰ্যালয়ত থকা নথি-পত্ৰ আৰু তথ্যসমূহ পৰীক্ষা কৰাটো দৰকাৰী আছিল। কিন্তু ৰাজ্য প্রশাসনে বাধা দিয়া অভিযান সঠিকভাৱে পৰিচালনা কৰাত তেওঁলোক ব্যর্থ হ’ল। ইডিৰ মতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাক কামত বাধা দিয়াটো আইনৰ উলংঘা। লগতে তদন্ত প্ৰক্ৰিয়াক স্থবিৰ কৰিবলৈ চেষ্টা কৰা বুলি ইডিয়ে দাবী কৰিছে। পূর্বেও পশ্চিমবংগত সন্দেশখালীৰ ন্দশখালীৰ দৰে অঞ্চলত তদন্ত চলাবলৈ যাওঁতে ইডিৰ ওপৰত হোৱা আক্ৰমণৰ উদাহৰণ দাঙি ধৰিছে সংস্থাটোৱে। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ইডিয়ে দাবী কৰে যে ৰাজ্য প্ৰশাসনৰ কাৰ্যই বৈধ তদন্ত প্রক্রিয়াত বাধাৰ সৃষ্টি কৰিছে। ইফালে আইপেকৰ মুৰব্বী প্রতীক জৈনৰ পৰিয়ালেও কলকাতা উচ্চ ন্যায়ালয়ত অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে ইডিৰ বিষয়াসকলেও ন্যায়াধীশৰ কাৰ্যালয়ত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে। ইডিৰ শেহতীয়া তালাচীৰ বিৰুদ্ধে কালি মমতাৰ নেতৃত্বত প্রতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰা হৈছিল। দলটোৰ নিৰ্বাচনী নথি-পত্ৰ চুৰি কৰি নিয়া বুলি অভিযোগ তুলি দিল্লীতো টিএমচিৰ সাংসদকৰ্মীয়ে প্রতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতে ইডিয়ে সংস্থাটোৰ কামত বাধা দিয়া বুলি পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে।
