পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাক কেন্দ্র কৰি কেইবাখনো ৰে’লৰ চলাচল বাতিল

পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাক কেন্দ্র কৰি কেইবাখনো ৰে’লৰ চলাচল বাতিল

ৰঙিলী বাৰ্ত্তাসেৱা– সোমবাৰে পুৱা সংঘটিত হোৱা পশ্চিমবংগৰ ৰে’ল দুৰ্ঘটনাক কেন্দ্র কৰি ১৯খন ৰে’ল বাতিল কৰা হৈছে । নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।  বাতিল কৰা হৈছে ১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী উইক্লী এক্সপ্ৰেছ, ২০৫০৩ ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ, ১২৪২৩ ডিব্ৰুগড়-নিউ দিল্লী ৰাজধানী এক্সপ্ৰেছ, ০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি বিশেষ ৰে’ল,  ১২৩৭৭ শিয়ালদহ-নিউ আলিপুৰদুৱাৰ পদটিক এক্সপ্ৰেছ,  ০৬১০৫ নাগাৰকইল জংচন-ডিব্ৰুগড় বিশেষ ৰে’ল,  ২০৫০৬ নিউ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ,  ১২৪২৪ নিউ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ।ইয়াৰোপৰি বাতিল কৰা হৈছে ২২৩০১ হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছ,  ১২৩৪৬ গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ,  ১২৫০৫ কামাখ্যা-আনন্দ বিহাৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ, ১২৫১০ গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ,  ২২৩০২ নিউ জলপাইগুৰি-হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ, ১৫৬২০ কামাখ্যা-গয়া এক্সপ্ৰেছৰ চলাচল।বাতিল হৈছে ১৫৯৬২ ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ,  ১৫৬৩৬ গুৱাহাটী-ওখা এক্সপ্ৰেছ, ১৫৯৩০ নিউ তিনিচুকীয়া-তাম্বাৰম এক্সপ্ৰেছ,  ১৩১৪৮ বামনহাট-শিয়ালদাহ উত্তৰ বংগ এক্সপ্ৰেছ,  ২২৫০৪ ডিব্ৰুগড়-কন্যাকুমাৰী এক্সপ্ৰেছৰ চলাচল।