পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য আৰু নাই। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বুদ্ধদেৱ ভট্টাচাৰ্যৰ। আজি পুৱা প্ৰায় ৮.২০ বজাত পাম এভিনিউৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। বুদ্ধদেব ভট্টাচাৰ্যৰ পুত্ৰ সুচেতন ভট্টাচাৰ্যই তেওঁৰ মৃত্যুৰ খবৰ দিয়ে। ২০০০ চনৰ পৰা ২০১১ চনলৈ বংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থকা নেতাগৰাকীৰ মৃত্যুত কেৱল বংগতেই নহয় দেশৰ বাওঁপন্থী শিবিৰত গভীৰ শোকৰ ছাঁ পৰিছে। চি পি আই এমৰ বৰ্ষীয়ান নেতাগৰাকী দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। এই বাৰ্ধক্যজনিত কাৰণতে তেওঁৰ কলকাতাত মৃত্যু হয়।জানিব পৰা মতে ভট্টাচাৰ্য নিউমোনিয়াত আক্ৰান্ত আছিল। হাওঁফাওঁ আৰু শ্বাসনালীৰ গুৰুতৰ সংক্ৰমণ ধৰা পৰিছিল তেওঁৰ দেহত। দীৰ্ঘদিন ধৰি ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) ৰোগতো আক্ৰান্ত আছিল তেওঁ। উল্লেখ্য যে, বুদ্ধদেব ভট্টাচাৰ্যই ১৯৭৭ চনৰ পৰা ১৯৮২ চনলৈ কাশীপুৰ-বেলগাছিয়াৰ বিধায়ক আছিল। ১৯৭৭ চনৰ পৰা ১৯৮২ চনৰ ভিতৰত বুদ্ধদেব ভট্টাচাৰ্যই পশ্চিম বংগৰ মন্ত্ৰীসভাত তথ্য আৰু জনসংযোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বুদ্ধদেব ভট্টাচাৰ্যই। কিন্তু কাশীপুৰ সমষ্টিৰ পৰা ১৯৮২ চনৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল বুদ্ধদেব ভট্টাচাৰ্য। ১৯৮৪ চনত তেওঁক চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিলৈ স্থায়ী আমন্ত্ৰণ জনোৱা হয় আৰু ১৯৮৫ চনত বুদ্ধদেব ভট্টাচাৰ্যক সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ ১৯৮৭ চনত জাদৱপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বুদ্ধদেব ভট্টাচাৰ্যই। ১৯৮৭ চনত পুনৰ কেবিনেটত নিযুক্তি লাভ কৰে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব লাভ কৰে। নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্বতো আছিল বুদ্ধদেব ভট্টাচাৰ্য। ১৯৯১ চনত তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা আৰু নগৰ উন্নয়ন আৰু পৌৰ পৰিক্ৰমা মন্ত্ৰী হিচাপে বুদ্ধদেব ভট্টাচাৰ্যক কেবিনেটত অন্তৰ্ভুক্ত কৰা হয়। কিন্তু প্ৰশাসনৰ কাম-কাজ আৰু দুৰ্নীতিৰ অভিযোগত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা মতানৈক্য হয়, পিছত ১৯৯৩ চনৰ ছেপ্টেম্বৰ মাহত বুদ্ধদেব ভট্টাচাৰ্যই হঠাতে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰে। ১৯৯৬ চনত পশ্চিম বংগৰ নিৰ্বাচনৰ পিছত ভট্টাচাৰ্জীক গৃহ আৰু আৰক্ষী বিভাগৰ দায়িত্ব অৰ্পণ কৰে। মুখ্যমন্ত্ৰী জ্যোতি বসুৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে ১৯৯৯ চনত তেওঁক পশ্চিম বংগৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। ১৯৮৭ চনৰ পৰা ২০১১ চনলৈ জাদৱপুৰৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰে বুদ্ধদেব ভট্টাচাৰ্যই। ২০০০ চনত প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল বুদ্ধদেৱ ভট্টাচাৰ্যই। ইয়াৰ পিছত তেওঁ ১১ বছৰ ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত আছিল। ২০১৫ চনত বুদ্ধদেৱ ভট্টাচাৰ্যই চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সকলো বিষয়বাব ত্যাগ কৰিছিল আৰু ২০১৮ চনত পশ্চিমবংগৰ ৰাজ্যিক সম্পাদকৰ পদো ত্যাগ কৰিছিল।