পশ্চিমবংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

পশ্চিমবংগত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিমবংগত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মালবাহী ৰে’লৰ। ১৩১৭৪ নম্বৰৰ কাঞ্চনজংঘা এক্সপ্ৰেছত পিছৰ পৰা খুন্দিয়ালে এখন মালবাহী ৰে’লে। দুৰ্ঘটনাটোত কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটা ডবা লাইনচ্যুত হয়। কাঞ্চনজংঘা এক্সপ্ৰেছৰ ওপৰত উঠি যায় মালবাহী ৰে’লৰ কেইবাটাও ডবা। উত্তৰ বংগৰ নিউ জলপাইগুৰি ষ্টেচন পাৰ হৈ ৰঙাপানী ৰে’ল ষ্টেচনৰ সমীপতে সংঘটিত হৈছে এই দুৰ্ঘটনা। একেটা ট্ৰেকতে আহিছিল দুয়োখন ৰে’ল। এই দুৰ্ঘটনাটোত এতিয়ালৈ ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।আহতসকলক ইতিমধ্যে উত্তৰ বংগৰ হাস্পতালত ভৰ্তি কৰা হৈছে।আগৰতলাৰ পৰা শিয়ালদহলৈ গৈ আছিল কাঞ্চনজংঘা এক্সপ্ৰেছখন। নিৰ্ধাৰিত সময় অনুসৰিয়েই যাত্ৰা কৰি আছিল কাঞ্চনজংঘা এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখনে। শিলিগুৰিৰ পৰা কলকাতা সংযোগী মূল ৰে’লপথতে সংঘটিত হৈছে এই দুৰ্ঘটনা। আজি পুৱা ৮.২৭ বজাত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। জানিব পৰা মতে, স্বয়ংক্ৰিয় সংকেত বিকল হোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে। পুৱা ৫.৫০ বজাত বিকল হৈছিল স্বয়ংক্ৰিয় সংকেত ব্যৱস্থা। যাৰ ফলত দীৰ্ঘ দূৰত্ব ৰে’ল চলাচল সাময়িকভাৱে ব্যাহত হয়। ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অব্যাহত আছে। বৰষুণৰ বাবে উদ্ধাৰ অভিযানত বাধা আহি পৰিছে। ইতিমধ্যে ৰে’ল বিভাগৰ তৰফৰ পৰা কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে- 03674263958, 03674263831, 03674263120, 03674263126, 03674263858।