পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ‘বিশ্ব পশু চিকিৎসা দিৱস’ উদ্‌যাপন

pc american veterinary Medical Association

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত ‘বিশ্ব পশু চিকিৎসা দিৱস’ উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয় পশু চিকিৎসা অনুষদৰ শিক্ষক সন্থা ,ব্লু ক্ৰছ ছ’চাইটী,ভাৰতীয় মহিলা পশু চিকিৎসা সংস্থা ,জেবিএফ আৰু পশু চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত শনিবাৰে ‘বিশ্ব পশু চিকিৎসা দিৱস’ উদ্‌যাপন কৰা হয়৷বিশ্ব পশু চিকিৎসা দিৱসা ২০২২ বৰ্ষৰ বিষয়বস্তু হৈছে ‘পশু চিকিৎসা বৃত্তিত চাপ অতিক্ৰমী ক্ষমতাৰ সৱলীকৰণ’৷অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড°বিদ্যুত চন্দন ডেকাই পুৱা শুভাৰম্ভ কৰা বিনামূলীয়া জলাতংক ৰোগৰ ছিটাকৰণ শিবিৰৰ যোগেদি দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলা হয়৷দিনৰ ভাগত অনুষ্ঠিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডা° বিবেকানন্দ শইকীয়াই পৌৰোহিত্য কৰা মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই৷পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডা° হিমাংশু বৰুৱাই আদৰণি দিয়া সভাত বেচৰকাৰী বন্যপ্ৰাণী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰ,মহাবিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ডা° প্ৰবোধ বৰাই ভাষণ দিয়ে৷উক্ত সভাত মহাবিদ্যালয়ৰ অধ্যাপক ডা° গৌৰংগ মাহাতুৰ দ্বাৰা ৰচিত এখন গ্ৰন্হ উন্মোচন কৰা হয়৷আনহাতে ব্লু ক্ৰছ ছ’চাইটী অসম শাখাৰ পৰিচালনাত অনুষ্ঠিত ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়৷শলাগৰ শৰাই আগবঢ়াই উপ পশু চিকিৎসা গৱেষণা সঞ্চালক ডা° বিৰেন্দ্ৰ নাথ ভট্টাচাৰ্যই৷