পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ৱালিউল ইছলামক

পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ৱালিউল ইছলামক

ৰঙিলী বাৰ্ত্তাসেৱা-    শিশু নিৰ্যাতনৰ গুৰুতৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ডাঃ ৱালিউল ইছলামক।  গুৱাহাটীৰ চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল তুলনীয়া কন্যাক নিৰ্যাতন চলোৱাৰ।অভিযোগ অনুসৰি চিকিৎসক দম্পত্তি হালে ৫ বছৰীয়া তুলনীয়া কন্যাক ঘৰৰ ছাদত প্ৰখৰ ৰ’দত বান্ধি চলাই আহিছিল নিৰ্যাতন। ইয়াৰোপৰি কন্যা শিশুটিৰ দেহত আছে আঘাতৰ কোব । কালিৰ দিনটোত শিশুটিক নিৰ্যাতন চলোৱাৰ সময়তে স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। চিকিৎসক ৱালিউল ইছলামকে ধৰি গ্ৰেপ্তাৰ হ’ল চিকিৎসক দম্পতীৰ ঘৰৰ কেয়াৰটেকাৰগৰাকীও।গ্ৰেপ্তাৰ কৰা বনকৰা মহিলাগৰাকীৰ নাম হৈছে লক্ষ্মী নাথ । পল্টন বজাৰ থানাত ১৯৩/২০২৩ নম্বৰৰ গোচৰ পঞ্জীয়ন হৈছে। বিয়লি আদালতত হাজিৰ কৰোৱা হ’ব ডাঃ ৱালিউল ইছলাম আৰু কেয়াৰটেকাৰগৰাকীক। আনহাতে, ডাঃ সংগীতা দত্ত এতিয়াও পলাতক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ১৯৩/২৩ নম্বৰৰ গোচৰত শিশু নিৰ্যাতনৰ অভিযুক্ত ডাঃ ৱালিউল ইছলাম আৰু বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে সন্নিৱিষ্ট হৈছে ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা৷