পলে পলে উৰি যায় সময় – ৰুমী কলিতা দত্ত

পলে পলে উৰি যায় সময়
ৰুমী কলিতা দত্ত, কেন্দুগুৰি, ডিব্ৰুগড়
“পলে পলে উৰি যায় সময়
যেন এডাল পাখিলগা কাঁড়
পাখি মেলি উৰে অনন্ত গতিৰে
কালৈকো ভ্ৰুক্ষেপ নকৰে।”
পখিলাই যেনেকৈ পাখি মেলি উৰে ঠিক তেনেকৈয়ে ডেউকা কোবাই সময় উৰে । সময়ক জানো মানুহে ৰোধ কৰিব পাৰে ? অনন্ত গতিৰে,অবিৰামভাৱে সময়ে গতি কৰে । জীৱনেও বাৰে বাৰে আধৰুৱা কামবোৰ কৰিবলৈ পৃথিৱীলৈ আহিবলগা হয় । মানুহ যদি অমৰ হ’লহেঁতেন । মানুহৰ আয়ুস তেনেই কম নহয়নে ? মানুহৰ এই চুটি জীৱনটোত আশা কিন্তু অনন্ত…। মানুহে অতি কম দিনৰ ভিতৰতে মনৰ আশাবোৰ পূৰণ কৰিবলৈ যত্ন কৰে । সেয়ে মানুহৰ বাবে সময়ক অমূল্য ধন হিচাপে লোৱা হয় ।  জীৱনটোও যদি অমূল্য হ’লহেঁতেন তেতিয়া বাৰু সময়ৰ মূল্য থাকিলহেঁতেন নে ?মানুহৰ জীৱনটো যদি অন্তহীন হ’লহেঁতেন তেতিয়া কিন্তু আদৰণীয় নহ’লহেঁতেন ।  তেতিয়া বাৰু জীৱনটোৰ কি হ’লহেঁতেন ?  তেতিয়া চাগৈ আমাৰ জীৱনটো মহাভাৰৰ দৰে হ’লহেঁতেন ।সময়ক জানো আমি মূল্য দি কিনিব পাৰোঁ ? ই নদীৰ দৰে বৈ থাকিব  অন্তহীন গতিৰে । সেইদৰে সময়ো কালৰ বুকুত বিলীন হ’ব । গুছি যোৱা সময়খিনিক আমি কেতিয়াও ঘূৰাই নাপাওঁ কোনো কালে ।
 “সময় গৈ আছে যুগে যুগে
ধৰা নিদিয়ে কোনো কালে
একে গতিৰে গৈ থাকিব
কোনোদিন মূল্য নিবিচাৰে ।”
সময়ক আমি কিনিবলৈ হ’লে কৰ্ম কৰিব লাগিব । কৰ্মইহে সময়ক  ধৰি ৰাখি মূল্য  নিৰূপণ কৰিব পাৰিব ।  কাম সম্পাদন কৰি তাৰ মূল্য নিৰূপণ কৰিব লাগিব ।যেতিয়া যিটো সময়ত যি কামেই সম্পাদন কৰা হয় সেয়াই তাৰ মূল্য । যেনে-
“সময়ৰ শৰ সময়ত মাৰিবা ।”
“বতৰ চাই কঠিয়া পাৰিবা ।”
“আগ জানি বান্ধিবা আলি
তেহে খাবা নানান শালি ।”
সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল আশা কৰা বৃথা।যেনেকৈ চোৰ যোৱাৰ পিছত বুদ্ধি ওলালে লাভ নহয়।বেলি থকালৈকে কৰিয়ে থাকিবা তেহে সময়ক মূল্য দিয়া হ’ব । আমি সকলোৱে জীৱনত উন্নতি কৰিবলৈ হ’লে সময়  অপব্যয় কৰিব নালাগিব ।  আমি কৰ্মত অগ্ৰসৰ হ’লেহে শুভমুহূৰ্তবোৰে লগ দিব । শুভমুহূৰ্ত আহিব কৰ্ম  কৰিম বুলি ৰৈ থাকিলে নহ’ব । আমাৰ ভাগ্য আমি নিৰ্মাণ কৰিব লাগিব ।সময়ক মূল্য নিদিলেই বহু বিপৰ্যয় নামি আহে, আমাৰ মনত ব্যৰ্থতাই বাহ সাজে । আমি যদি শৈশৱ-কৈশোৰতে শিক্ষা আহৰন কৰি নলওঁ তেতিয়াহ’লে উৰে জীৱন অনুতপ্ত হ’ব লাগিব । যৌৱনত যদি কৰ্মৰ অনুশীলন নকৰোঁ বৃদ্ধ বয়সত আৰামেৰে সুন্দৰ জীৱন পাৰ কৰিবলৈ আশা কৰিব পাৰোঁনে ?  সেয়ে সময়ৰ কাম সময়ত কৰিবলৈ শিকিব লাগে ।
“সাঁতোৰ সাঁতোৰ নিজ বাহুবলে
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।”
সেয়ে বাহুত বল-শক্তি থকালৈকে উপযুক্ত বুলি ভবা কামবোৰ কৰি যাব লাগে,নহ’লে কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে । যৌৱনৰ ভৰ দুপৰতে ঐশ্বৰ্য-বিভূতি গোটাব নোৱাৰিলে বৃদ্ধ বয়সত ধন আৰ্জিব পাৰিমনে ?   কুমলীয়া বাঁহডালহে ভাজ দিব পাৰি,বুঢ়া হ’লে নোৱাৰি ।সময়ৰ অপব্যৱহাৰ হ’লে জীৱনলৈ বিপৰ্যয় নমাই আনিব পাৰে । কৰিম কৰিম কৰি থাকোঁতেই কেতিয়া দেহত ঘূণে ধৰিব কোনে জানে ? সোণৰ সঁজা বনাম বুলি ভাবি থাকিলেই জানো হ’ব ? যিজনে সময়ৰ মূল্য বুজে সেইজনৰহে উন্নতি পথ মুকলি হয় । আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ মূল্য আটাইতকৈ বেছি । তেওঁলোকে জীৱন গঢ়িবলৈ বহু বিষয়ৰ গ্ৰন্থ অধ্যয়ন কৰিব লগা হয় ।  জীৱনৰ দিশবোৰ চালি-জাৰি চাবলৈ সকলো দিশতে শিক্ষিত হ’ব লাগিব।   অতি কম সময়ৰ ভিতৰতে বহুতো অধ্যয়ন কৰিব লগীয়া হয় । জীৱনৰ বাটত থকা সকলো বাধা-বিঘিনি নেওচি যত্নপৰ হ’ব লাগিব ।  তাৰ বাবে লাগিব অধ্যৱসায় আৰু ঐকান্তিক চেষ্টা ।  যদি আমি উপযুক্ত হৈ নলওঁ পিছৰ জীৱনটো বিষময় হৈ পৰিব । সেয়ে আমি সময়ক মূল্য দিবলৈ শিকিব লাগে । সময়মতে কামবোৰ কৰি যাব লাগে । এলাহৰ বন ছমাহলৈ পৰি থাকে সেয়ে পাছলৈ নথৈ লগে লগে কৰি পেলাব লাগে ।মানুহে সময়মতে আহাৰ-পানী গ্ৰহন কৰিব লাগে,পুৱা সোনকালে শোৱাপাটি ত্যাগ কৰি মুকলি বতাহ সেৱন কৰিব লাগে । পলমকৈ উঠিলে কামবোৰ নিসিজে । “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰাৰ দৰে ।”  এলাহ আৰু দীৰ্ঘসুত্ৰিতা ত্যাগ নকৰিলে  জীৱনত উন্নতি অসম্ভৱ । ই ব্যৰ্থতাৰ মূল কাৰণ । এক মিনিট সময়কো মূল্য দিবলৈ শিকাজনৰহে উন্নতি সম্ভৱ ।  এতিয়া প্ৰতিযোগিতাৰ যুগ–কোৱা হয়”যোগ্য ভোগ্য বসুন্ধৰা ।” অবিৰাম গতিৰে কৰ্মৰ অনুশীলন কৰি আগবাঢ়া-গৈ থাকা । জীৱন সময়ৰ সমষ্টি বুলি কোৱা হয় । আমি যিখিনি সময় হাতত পাওঁ তাৰো সৎব্যৱহাৰ কৰিব লাগিব  । আমাৰ জনম লোৱাটো সাৰ্থক কৰি সুখময় কৰি তুলিব লাগিব । এই বিশাল কৰ্মক্ষেত্ৰত জীৱন কচুপাতৰ পানী । সেয়ে সময়ক ভাগ কৰি নিদিষ্ট কাম কৰিব লাগিব । শৈশৱ হ’ল কৰ্মজীৱনৰ প্ৰৱেশ পথ । জীৱনৰ প্ৰস্তুতি চলোৱাৰ সময় । ভৱিষ্যৎ জীৱনৰ বাবে জীৱনক উপযুক্ত কৰি তুলিব লাগিব।জীৱনটোত সাৰ্থকতা লাভ কৰিবলৈ কৰ্মত অগ্ৰসৰ হ’ব লাগিব । সময়ানুবৰ্তিতাই জীৱনলৈ সফলতা নমাই আনে । জীৱনক সবাংগসুন্দৰ কৰি তুলিবলৈ সময়ৰ মূল্য বুজিব লাগিব।প্ৰতিটো দিশ চালি-জাৰি চাবলৈকে শিক্ষা ল’ব লাগিব।