পলাশ ফুলৰ উকমুকনি
ছেলিমা বেগম , নগাঁও
পলাশ ফুলিল হিয়াত জুই জ্বলিল
থৌকি বাথৌ মন মোৰ সেই ফুলে ফুলে
উৰা মাৰে ফাগুনৰ সৌন্দৰ্য্যত
কোনে নো সানি দিলে মিঠা
সেউজ বননিত পলাশৰ ৰং !
সেই ফুলে ফুলে ভোমোৰাই
মৌ পান কৰি গুনগুনাই গান গাইছে।
তাকে দেখি লঠঙা ডালত শিমলু
ফুলবোৰ হাঁহি হাঁহি স্বাগতম জনাইছে।
মাদাৰ ফুলবোৰ জুমি জুমি চাই
ফাগুনীক আদৰি আনিছে।
ঐ ফাগুনী আহিলি ভালেই কৰিলি
লগতে লৈ আহিলি শিমলুৰ কলি
মাদাৰ ফুলৰ মালা পিন্ধাই দিম তোক।
পলাশ ফুলিল, শিমলু ফুলিল
প্ৰকৃতিৰ বুকুত পলাশ ফুলৰ
সৌন্দৰ্যৰে জুই জ্বলাই দিলে।
ৰাংঢালী ৰঙালী ফাগুনী গাভৰু হলি
প্ৰেমৰ লীলা কৰে ফাগুনৰ লগত ধৰণী।
ফাগুনৰ আঁচল উৰাই ৰং
দিয়ে ধৰণী’ৰ গালতে ।
উৰুঙা ফাগুনতেই জুই জ্বলিছে
পলাশ,মদাৰ ,শিমলু ৰঙেৰে।
