পলাশবাৰী ৰাস মহোৎসৱ সমিতিক লটাৰী বা উপহাৰ কূপন পতাত অনুমতি ন্যায়ালয়ৰ
মুখ্যমন্ত্ৰী,জিলা আয়ুক্তলৈ সমিতিৰ পত্ৰ
মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাস মহোৎসৱৰ প্রাকক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ে ল’টাৰী অনুষ্ঠিত কৰাত ৰাস সমিতিসমূলৈ বাধা প্ৰদান কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন পি আই এলৰ ভিত্তিত লটাৰী আৰু উপহাৰ কূপন খেল সমূহ বন্ধ কৰাৰ এক নিৰ্দেশ দিছিল। তেনেক্ষেত্ৰত ৰাস সমিতিসমূহে বিপাঙত পৰে।এনে ঘটনাত একাংশ ৰাস মহোৎসৱ সমিতিয়ে ন্যায়ালয়ৰ কাষ চাপিছিল।ঠিক তেনেকৈ পলাশবাৰী ৰাস মহোৎসৱ সমিতি আৰু ছয়গাঁও চম্পক নগৰ ৰাস মহোৎসৱ সমিতিয়েও এই লটাৰী অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় অনুমতি বিচাৰি আদালতত আবেদন দাখিল কৰিছিল। তেনেস্থলত ন্যায়ালয়ে এক ৰায় প্ৰদান কৰি চৰকাৰে লটাৰী বা উপহাৰ কুপন অনুষ্ঠিত কৰিবলৈ অনুমতি দিলে আদালতৰ কোনো আপত্তি নাথাকিব বুলি এই দুয়োখন সমিতিক জনায়। পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ হৈ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি আগবঢ়ায় বুলি জানিব পৰা গৈছে। পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে জনসাধাৰণৰ সুবিধাৰ্থে বিভিন্ন ধৰ্মীয়,সাংস্কৃতিক আৰু অন্যান্য সামাজিক কাম-কাজত লিপ্ত হৈ আহিছে। বছৰ বছৰ আগতে তেওঁলোকে জনসাধাৰণৰ বৃহৎ অংশগ্ৰহণক উৎসাহিত কৰাৰ উদ্দেশ্যে ৰাস উৎসৱ, লক্ষ্মী পূজা আৰু দোল উৎসৱ আদিৰ প্ৰাকক্ষণত লটাৰী/লাকী কুপন ড্ৰ’ৰ আয়োজন কৰি আহিছে। আৰু পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে এটি বৃহৎ মন্দিৰ নিৰ্মাণ কৰি আছে। এনে যুক্তিৰ ভিত্তিতে ন্যায়ালয়ে পলাশবাৰী ৰাস মহোৎসৱ সমিতিক উপহাৰ কূপন বা লটাৰী আদি অনুষ্ঠিত কৰাত ন্যায়ালয়ে ৰায় প্ৰদান কৰে। ন্যায়ালয়ৰ এনে ৰায়ত পলাশবাৰী ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি মণিময় কৰ আৰু যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস/অৰূপ দাসকে ধৰি সমূহ বিষয়ববীয়াই উৎফুল্লিত হৈ পৰে। এই সন্দৰ্ভত পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ এটি দলে ৰাজ্যৰ মুখ্যমন্ত্ৰী,জিলা আয়ুক্তলৈ পৃথকে পত্ৰ প্ৰদান কৰে বুলি জানিব পৰা গৈছে।