পলাশবাৰী সমষ্টিৰ মহমাৰাদিয়া আৰু শিয়ালমাৰী চৰত প্ৰশাসনৰ উচ্ছেদ

পলাশবাৰী সমষ্টিৰ মহমাৰাদিয়া আৰু শিয়ালমাৰী চৰত প্ৰশাসনৰ উচ্ছেদ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপৰ  পলাশবাৰী সমষ্টিৰ মহমাৰাদিয়া আৰু শিয়ালমাৰী চৰত চলিল বৃহৎ উচ্ছেদ অভিযান।  কামৰূপৰ পলাশবাৰী সমষ্টিৰ দক্ষিণ সৰু বংশৰ মৌজাৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত থকা খিলঞ্জীয়া লোকৰ ম্যাদীৰ লগতে চৰকাৰী দহ সহস্রাধিক বিঘা ভূমি বেদখল কৰি নিশাৰ ভিতৰতে অচিনাকি লোকে সাজিছিল ঘৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ চৰাঞ্চল মহমাৰাদিয়াত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া অংকিতা শৰ্মা আৰু পলাশবাৰী আৰক্ষী আৰু শুৱালকুছি নদী আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনীৰ উপস্থিতিতে উচ্ছেদ চলোৱা হয়। প্রথমে ৫০০ৰো অধিক ভূমিত এক্সকেভেটৰেৰে মাকৈ আৰু জলকীয়াৰ খেতি নষ্ট কৰি বেদখলমুক্ত কৰা হয়। খিলঞ্জীয়া গুৱালক উদণ্ড মিঞাই শাৰীৰিকভাৱে প্ৰহাৰ কৰি দীৰ্ঘদিন ধৰি বেদখল কৰি আছিল। সেই স্থানত উচ্ছেদ অভিযান চলোৱাত ভুক্তভোগী কৃষক আৰু গুৱালসকলে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ধন্যবাদ দিয়াৰ লগতে পলাশবাৰী আৰক্ষী প্ৰশাসনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। আগতীয়াকৈ উচ্ছেদৰ উমান পাই সন্দেহজনক শতাধিক পৰিয়ালে ঘৰ ভাঙি নাৱেৰে উধাও হয়। উল্লেখ্য যে দশক দশক ধৰি মহমাৰাদিয়াত অসমীয়া খিলঞ্জীয়া কৃষক আৰু গুৱালসকলে পৈতৃক ম্যাদী ভূমিসমূহত কৃষিকৰ্মৰে জীৱন অতিবাহিত কৰি আহিছে। কিন্তু বিগত কিছুদিন ধৰি সেই স্থানত নিশাৰ ভিতৰতে নাৱেৰে আহি অচিনাক্ত তথা সন্দেহজনক লোকে ভূমিসমূহ বেদখল কৰি বীৰত্ব প্ৰদৰ্শন কৰি আহিছে। অস্থায়ী বাসগৃহ নিৰ্মাণ কৰাৰ উপৰি দাদাগিৰিৰে বিভিন্ন ধৰণৰ খেতি যেনে- ধান, মাকৈ সৰিয়হকে আদি কৰি বিভিন্ন ৰবিশস্যৰ খেতি কৰিছে মিঞাসকলে। আজি যন্ত্রচালিত নাৱেৰে ঘটনাস্থলীত উপস্থিত হয় পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মাৰ লগতে বৃহৎ আৰক্ষীৰ দল। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ মহমাৰাদিয়াত আৰক্ষীয়ে কৰা উচ্ছেদ অভিযান কাইলৈ চলোৱা হ’ব। এই অভিযান ধাৰাবাহিকভাৱে চলি থাকিব।