পলাশবাৰী সমষ্টিৰ নাকঠা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত উক্তপ্ত পৰিস্থিতি
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ ভিন্নভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তে অঘটন সংঘটিত হয় ছয়ানি ৰাণী জিলা পৰিষদৰ ৪৮ নং হাৰোপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত নাকঠা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত অভাৱনীয় আৰু উক্তপ্ত চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হয় ৷ নিৰ্বাচনী বিধি উলংঘা কৰি ষ্টাম্পৰ বিপৰীতে টিপচহীৰে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাৰ অভিযোগ উথাপন কৰে স্থানীয় ভোটাৰ ৰাইজে ভোট সংগ্ৰহ কৰা নিৰ্বাচনী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলৰ ওপৰত, ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত থকা ভোট সংগ্ৰহ কৰা নিৰ্বাচনী বিষয়াৰ চৰম গাফিলতি আৰু দ্বায়িত্বজ্ঞানহীনতাৰ ফলত এতিয়া চৰম শংকাত ভুগিছে উক্ত পঞ্চায়তৰ নিৰ্বাচনত মনোনীত প্ৰাৰ্থী সকলে ৷ পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজলোচন গোস্বামী ৷ উক্ত ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ২ ৰ পৰা ৩ ঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰখা হয় ৷ স্থানীয় ভোটাৰ ৰাইজে আৱদ্ধ কৰি জবাবদিহি কৰে নিৰ্বাচন আয়োগৰ জিলা উপায়ুক্ত জনেল বিষয়া গৌতম বৰকাকতিক, উক্ত ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত চৰম গাফিলতিৰ ঘটনাক কেন্দ্ৰকৰী ভোটাৰ ৰাইজৰ একপ্ৰকাৰে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ ওপৰত সৰৱ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখযোগ্য অৱশেষত জিলা নিৰ্বাচনী আয়ুক্ত বিষয়াই উক্ত ঘটনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি অলপ সামকাটে ৷