পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন

পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমিপূজন আৰু নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  ভাষণত কয় যে পলাশবাৰী আৰু শুৱালকুছিক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত যে এখন দলং নির্মাণ হ’ব সেয়া কল্পনাতীত আছিল। আনকি শুৱালকুছি আৰু পলাশবাৰীৰ জনসাধাৰণেও কোনোদিনে ভবা নাছিল। মোক বিভিন্ন সময়ত শুৱালকুছি আৰু পলাশবাৰীৰ লগ পোৱা মানুহেও কাহানিও কোৱা নাছিন এনে এখন দলঙৰ কথা। কিন্তু আজি সেয়া হ’বলৈকে গৈ আছে। এনে এক পৰিৱৰ্তন আমাৰ জীৱনলৈ আহিব বুলি আমি কাহানিও ভবা নাছিলোঁ।  নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা অসমত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত দহটা বছৰত ৰাজ্যখন প্ৰগতিৰ দিশলৈ ৰূপান্তৰ হৈছে। বিগত দহ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এঘাৰখনকৈ দলং নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে। ইতিমধ্যে ইয়াৰে কেইবাখনো দলং মুকলি কৰা হ’ল আৰু কেইবাখনৰো নির্মাণকার্য চলি আছে। মুখ্যমন্ত্ৰীগৰাকীৰ পৰিকল্পনা অনুযায়ী যিদৰে প্ৰতি জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে, ঠিক তেনেদৰে প্ৰতিখন জিলাতে ব্ৰহ্ম পুত্ৰৰ ওপৰেৰে দলং নির্মাণৰো ব্যৱস্থা হাতত ল’ব বুলি কয়। অসমৰ প্ৰতিগৰাকী বিধায়কে নিজৰ নিজৰ সমষ্টিসমূহতো উন্নয়নৰ জোৱাৰ তুলিব লাগে তেওঁ উল্লেখ কৰে। তেওঁ পুনৰ কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সদায় সপোনৰ আগত দৌৰে। যাৰবাবেই দেশখনে আজি নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। অসমত শান্তি আৰু প্রগতি দুয়োটাই একেলগে আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ দৰে ৰাজ্য এখনে ছেমিকণ্ডাক্টৰ প্ৰজেক্ট পোৱাটোকে বুজাইছে যে অসম কিমানদূৰ আগবাঢ়ি গৈছে। আনহাতে ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি সবলীকৰণৰ দিশত আজি এটা ঐতিহাসিক দিন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্রহ্ম পুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে ভূমিপূজন আজি সম্পন্ন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰাৰ সময়ত অসমবাসীক এইমছ, তিনিখনকৈ নতুন মেডিকেল কলেজ জনসেৱাৰ উদ্দেশ্যে উৎসর্গিত কৰাৰ লগতে নাহৰকটীয়াত পেট্র’কেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ উপৰি সেই দিনটোত সৰুসজাই ক্রীড়া প্ৰকল্পৰ পৰা ৩১৯৭.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পলাশবাৰী- শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল বুলিও মুখ্যমন্ত্রীয়ে কয়। তদুপৰি সেই দিনটোত ১২ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ স্থাপনেৰে জাতিটোৰ নাম স্বর্ণিল আখৰেৰে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল বুলিও তেওঁ দোহাৰে। মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছত ইয়াৰ প্রকল্প প্রতিবেদন, নিবিদা আৰু ৰাইজৰ পৰা ভূমি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰাৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে সকলো আনুষ্ঠানিকতা হোৱাৰ পিছত আজি ভূমিপূজন কৰা হয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে এই দলংখন ২০২৮ চনৰ জুন মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে এই দলংখন ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হোৱাৰ লগতে পলাশবাৰীৰ দিশত ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিশৰীয়া পথ থাকিব আৰু শুৱালকুছিৰ দিশত ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব। শুৱালকুছিৰ উত্তৰ ফালে যি আর্দ্রভূমি আছে সেয়া যাতে সুৰক্ষা কৰিব পৰা যায় তাৰ বাবে উত্তোলিত পথ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ কয়। বাথান, শুৱালকুছি আৰু পলাশবাৰীৰ ৰাইজে যাতে পোনপটীয়াকৈ আহিব পাৰে তাৰ বাবেও ব্যৱস্থা ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে পলাশবাৰীৰ ফালেও তদ্রূপ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে এই দলং নিৰ্মাণৰ ফলত সমগ্ৰ উত্তৰ আৰু দক্ষিণপাৰৰ মাজত যোগাযোগৰ এক যুগান্তকাৰী ৰূপান্তৰ সম্ভৱ হৈ উঠিব আৰু শৰাইঘাট দলঙেৰে নোযোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়, মেঘালয়ৰ তুৰা, গোৱালপাৰা আদি ঠাইলৈ যোৱাটো সুবিধাজনক হ’ব। গুৱাহাটীত যিবোৰ চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ সুবিধা নাথাকে এতিয়া দলংখন হৈ উঠিলে হাজো, ৰামদিয়া, শুৱালকুছি আদি ঠাইত আঁচনি ৰূপায়ণ কৰিব পৰা যাব বুলিও তেওঁ কয়। ছয়গাঁও, বকোৰ ৰাইজে এইমছলৈ যাব লাগিলে এই দলঙেৰে যাব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে পলাশবাৰীত কিছু দিনৰ ভিতৰতে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেন্ট (আই আই এম)ৰ কাম আৰম্ভ হ’ব আৰু এই প্রতিষ্ঠানত অধ্যয়ন কৰিব বিচৰা উত্তৰপাৰৰ বিদ্যার্থী সমাজে এই দলং নির্মাণ হৈ উঠিলে অতি সহজে খৰতকীয়া যাতায়াতৰ সুবিধা লাভ কৰিব। এনে এক পৰিৱৰ্তন আহিব বুলি কোনেও কল্পনা কৰা নাছিল বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা ধলা-শদিয়া দলঙৰ কাম সম্পূৰ্ণ কৰাৰ লগতে বগীবিল দলঙৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰীৰ নেতৃত্বত যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলঙৰ কাম আৰম্ভ হৈছে। অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ সুৰংগ পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। বানপানীৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষিত কৰি ৰখাৰ বাবে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৮ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰৰ কাম এই বছৰ আৰম্ভ হ’ব বুলিও তেওঁ ঘোষণা কৰে। কলীয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন নতুন দলং নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন অহা বছৰ উদ্বোধন কৰা হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে নাৰেংগী আৰু কুৰুৱাৰ মাজত আন এখন দলঙৰ কাম এই বছৰতে আৰম্ভ কৰা হ’ব। পলাশবাৰী আৰু শুৱালকুছি দলঙৰ কাম আজিৰে পৰা পূৰ্ণগতিত আৰম্ভ হ’ব বুলি সদৰী কৰি তেওঁ কয় যে ফুলবাৰী দলঙৰ নিৰ্মাণৰ কামো দ্রুতগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীয়ে কয় যে বৰাকতো ৬খন দলং নিৰ্মাণৰ কাম পৰিকল্পনা কৰা হৈছে অথবা পূর্ণগতিত কাম চলি আছে। জালুকবাৰী সমষ্টিৰ বিধায়ক হোৱাৰ পিছতে এইমছ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, নেচনেল ফৰেনছিক ছাইন্স ইউনিভাৰ্ছিটা, গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত দলং হোৱাৰ উপৰি পলাশবাৰী আৰু শুৱালকুছিৰ মাজত দলঙৰ কামো আৰম্ভ হ’ল বুলিও তেওঁ কয়। আন্দোলন বিবর্জিত পৰিৱেশত কিদৰে একোটা অঞ্চলক বিকাশ আৰু উন্নয়নৰ দিশলৈ লৈ যাব পাৰি আৰু মানুহৰ সৈতে কাম কৰি এটা সমষ্টিৰ জীৱন বৃত্তান্ত সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰি তাৰ এক স্পষ্ট উদাহৰণ হৈ ভাৰতবৰ্ষৰ মানচিত্ৰত জালুকবাৰী সমষ্টি আজি উজলি উঠিছে বুলিও তেওঁ কয়। জালুকবাৰী সমষ্টিৰ সফলতাই নতুনচাম বিধায়কক সমষ্টিক কিদৰে উন্নয়নৰ শিখৰলৈ লৈ যাব পৰা যায় সেই দিশত প্ৰেৰণা যোগাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয় যে কর্ম আৰু সাধনাৰ মাজেৰে কিদৰে উন্নয়ন আৰু বিকাশৰ প্ৰাণবিন্দুলৈ ৰূপান্তৰ কৰিব পাৰি সেই কথা জালুকবাৰী সমষ্টিয়ে দেখুৱাইছে। মুখ্যমন্ত্রীয়ে কয় যে এই দলংখন নির্মাণ হৈ উঠিলে সমগ্র নামনি অসমলৈ অভাৱনীয় ৰূপত পৰিৱৰ্তন আহিব। গুৱাহাটীৰ আশে-পাশে ভূমিৰ অভাৱত যিবোৰ প্ৰকল্প এৰি দিব লগা হয় আজি তেনে প্রকল্প হাজো, বৰক্ষেত্ৰী, পলাশবাৰী, বকো, ছয়গাঁও আদি ঠাইলৈ নিব পৰা যাব। দূৰত্ব এতিয়া প্রত্যাহ্বান নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে গুৱাহাটীৰ সমীপত আন এক সভ্যতা নিৰ্মাণৰ দিশত এই দলংখনে এক নতুন পৰিৱেশ সৃষ্টি কৰিব। সমাজে বিকাশ আৰু উন্নয়নৰ সৈতে খোজ পেলাবলৈ লোৱা সংকল্প আৰু চৰকাৰৰ গঠনমূলক প্ৰচেষ্টাত সঁহাৰি জ্ঞাপন কৰাৰ বাবেই আজি এই দলংখন বাস্তৱায়িত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ কয়। এই সফলতা সামূহিক প্ৰচেষ্টাৰ সফলতা বুলিও তেওঁ মন্তব্য কৰে।  এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা আদি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, বন আৰু পৰিৱেশ আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ভুবনেশ্বৰ কলিতা, বিধায়সকল ক্রমে দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া, নন্দিতা দাস, লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব চন্দন শৰ্মা, কামৰূপ জিলা আযুক্ত দেৱ কুমাৰ মিশ্র প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।