পলাশবাৰীৰ ৰামপুৰৰ কৃষ্ণ বোৰ্ড এণ্ড কণ্টেইনাৰ নামৰ উদ্যোগত প্ৰতিবাদ

পলাশবাৰীৰ ৰামপুৰৰ কৃষ্ণ বোৰ্ড এণ্ড কণ্টেইনাৰ নামৰ উদ্যোগত প্ৰতিবাদ

শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰীত স্থাপিত বিভিন্ন উদ্যোগত দীৰ্ঘদিন ধৰি শ্ৰমিকৰ ওপৰত চলি আহিছে মালিক পক্ষৰ চৰম অনিয়ম আৰু শোষণ বঞ্চনা। এই শোষণ বঞ্চনা চলি থকাৰ সময়তে কালি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰামপুৰৰ কৃষ্ণ বোৰ্ড এণ্ড কণ্টেইনাৰ নামৰ উদ্যোগত বিভিন্ন শ্ৰমিকে মালিকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।শেহতীয়াভাৱে এই উদ্যোগৰ শ্ৰমিকক এগৰাকী ঠিকাদাৰে শাৰিৰীকভাৱে আক্ৰমণ কৰে। ফলত নিৰাপত্তাহীনতাত ভূগিছে শ্ৰমিকসকলে। নাই শ্ৰমিকৰ নিৰাপত্তা। নাই নিশাৰ ভাগত সা সুবিধা। প্ৰকৃত পাপ্য মজুৰিৰ পৰাই বঞ্চিত হৈ এই শ্ৰমিকসকলে আজি প্ৰতিবাদ কৰে। ফলত ইয়াক লৈ উত্তাল হৈ পৰে এই উদ্যোগটোৰ থলী। প্ৰতিবাদকাৰীসকলে শ্ৰমিকক নিৰাপত্তা প্ৰদান কৰক, শ্ৰমিক আইন উলঙ্ঘন কৰি শ্ৰমিকক শোষণ কৰা নচলিব,সন্তোস দাস নামৰ ঠিকাদাৰৰ অত্যাচা দাদাগিৰি নচলিব আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে কয়- অতি কম মজুৰিত এই উদ্যোগত কাম কৰি আহিছে শ্ৰমিকে। এক প্ৰকাৰ সপ্তাহৰ প্ৰতিটো দিনেই কাম কৰিব লাগে শ্ৰমিকে। মালিকপক্ষই শ্ৰমিকৰ কোনো অভাৱ অভিযোগ শুনিবলৈ সময় নাই। এই উদ্যোগত নাই সা সুবিধা। নাই এম্বুলেন্স,নাই প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা। নিশাৰ ভাগত শ্ৰমিকে অহা যোৱা কৰাৰ কোনো ব্যবস্থা নাই। এক প্ৰকাৰ হিটলাৰী শাসন চলিছে এই উদ্যোগত। ইয়াৰ বাবেই মাত মাতি অহাত শ্ৰমিকক আক্ৰমণো কৰিছে ঠিকাদাৰে। কিন্তু মালিকপক্ষৰ কোনো কাণসাৰ নাই বুলি শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰে। যাৰবাবে শোষিত বঞ্চিত শ্ৰমিকসকলে আজি মালিকপক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে। শেষত ঘটনানাস্থলীত বিজয়নগৰ আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কিন্তু মালিকপক্ষৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে বিধায়ক হেমাংগ ঠাকুৰীয়াৰো হস্তক্ষেপ দাবী কৰিছে শোষিত বঞ্চিত শ্ৰমিকসকলে।