পলাশবাৰীৰ হার্ভেষ্টলেণ্ড বেভাৰেজেচ প্রাইভেট লিমিটেড অন্নপূর্ণ উদ্যোগৰ পেলোনীয়া দ্ৰব্য জগলীয়া নৈত পেলোৱাত ভূক্তভোগী লোকৰ ক্ষোভ
দুৰ্গন্ধই ছানি ধৰিছে জগলীয়া অঞ্চল
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিত চৰকাৰে বিভিন্ন সময়ত স্থাপন কৰিছে বিভিন্ন উদ্যোগ। ইয়াৰ মাজতে কিন্তু একাংশ উদ্যোগৰ মালিকপক্ষই আৰক্ষী প্ৰশাসন তথা একাংশ দালাল,মাফিয়াক হাতত ৰাখি নদ-নদী,বিল পুতি পেলাই নীতি বহিৰ্ভূতভাৱে ৰাইজৰ হ’ব পৰা বিপদ-বিঘিনিৰ প্ৰতি সম্পূৰ্ণ পিঠি দি উদ্যোগ স্থাপন কৰি আহিছে। এই ঘটনাৰ মাজতে পলাশবাৰী ৰাজহ চক্ৰৰ এলেকাৰ মনপুৰ গাওঁৰ হার্ভেষ্টলেণ্ড বেভাৰেজেচ প্রাইভেট লিমিটেড (অন্নপূর্ণ) নামৰ উদ্যোগটোৱে অঞ্চলটোত দুৰ্গন্ধ বিয়পাই ৰাইজক অতিষ্ঠ কৰি অহাৰ সময়তে এই উদ্যোগটোৰ পেলোনীয়া দ্ৰব্য জগলীয়া নৈ পেলাই অঞ্চলটোত পুনৰ এক দুৰ্গন্ধ বিয়পাই দিয়াত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। বিশেষকৈ নিশাৰ ভাগত পলাশবাৰীৰ এই উদ্যোগৰ পৰা উদ্যোগটোৰ লোকে প্ৰায় ৭ কিঃমঃ দূৰত্বত থকা জগলীয়া পথাৰত এই উদ্যোগটোৱে নিৰ্মাণ কৰি থকা স্থানত এনে ধৰণৰ শ শ পেলোনীয়া দ্ৰব্যৰ বস্তা পেলাই দিয়াত অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। ফলত জগলীয়াৰ নৈৰ এই স্থানৰ কাষতে থকা লিটিল এঞ্জেল ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰী,কৰ্মচাৰী,শিক্ষক শিক্ষয়িত্ৰী,অভিভাৱকৰ লগতে তাত থকা দোকান পোহাৰ,মিৰ্জা চানডুবি পথেৰে অহা লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। জগলীয়া অঞ্চলটোত এনে দুৰ্গন্ধময় দ্ৰব্য পেলাই ৰাইজক জ্বলা-কলা খুওৱা ঘটনাত আজি ক্ষোভ প্ৰকাশ কৰি লিটিল এঞ্জেল স্কুলৰ অধ্যক্ষ ড.অৱণী দাসে এই দুৰ্গন্ধ বিয়পাই দিয়া উদ্যোগটোৰ মালিকপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। ৰাইজ বা পৰিৱেশ পৰিপন্থী এনে কাম কৰাত তেওঁ এই উদ্যোগটোক গৰিহণা দিয়ে। আনহাতে এই শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰী মঃ ৰেকৰ্ড আলীয়ে উদ্যোগটোৰ এই হঠকাৰী ঘটনাত বাবে আইনী ব্যৱস্থা হাতত লব বুলি কয়। জ্ঞানপীঠ বঁটা প্ৰাপক ড০ মামণি ৰয়ছম গোস্বামীৰ সপোনৰ এই জগলীয়া পথাৰ আৰু নৈৰ বাবে অহা দুৰ্যোগত তেওঁ দুখ প্ৰকাশ কৰে। লগতে এই জগলীয়া পথাৰত এই উদ্যোগটোৰ কৰ্তৃপক্ষই পেলোনীয়া দ্ৰব্য পেলাই ৰাইজক উশাহ নিশাহত কষ্ট দিয়া ঘটনাৰ বাবে আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অন্যথা ৰাইজ,ছাত্ৰ ছাত্ৰীৰ সহায়-সহযোগত অঞ্চলটোত প্ৰতিবাদী কাৰ্যসূচীৰ গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে। উল্লেখ যে,স্থাপন কালৰে পৰা এই উদ্যোগটোৰ মালিকপক্ষই অঞ্চলটোৰ ৰাইজৰ অভাৱ অভিযোগক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি মনপুৰ অঞ্চলটোত দুৰ্গন্ধৰ বিয়পাই আহিছে।তেনেক্ষেত্ৰত পুনৰ এই উদ্যোগটোৱে জগলীয়া নৈ আৰু পথাৰত এই দুৰ্গন্ধময় দ্ৰব্য পেলাই ৰাইজক অতিষ্ঠ কৰে। এই সন্দৰ্ভত ইতিমধ্যেই লিটিল এঞ্জেল ইংলিছ স্কুলৰ স্বত্বাধিকাৰী মঃ ৰেকৰ্ড আলীয়ে আৰক্ষী প্ৰশাসনক হস্তক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছে যদিও কামত অহা নাই। সেয়ে পুনৰ আৰক্ষী প্ৰশাসন,প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড,স্থানীয় বিধায়ক,ৰাজহ চক্ৰ বিষয়াৰ কাষ চাপিব বুলি কয় অধ্যক্ষ ড.অৱণী দাস,মঃ ৰেকৰ্ড আলীয়ে।