পলাশবাৰীৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বীপ প্রকল্প স্থাপনৰ বিৰোধীতাত ভুমি পট্টন দাবী সমিতিৰ বিশাল সভা

পলাশবাৰীৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বীপ প্রকল্প স্থাপনৰ বিৰোধীতাত ভুমি পট্টন দাবী সমিতিৰ বিশাল সভা

তেজ দিম ভূমি নিদিম,ড.হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল বৰদুৱাৰ বাগান

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- তেজ দিম মাটি নিদিম,আমাৰ মাটি আমাৰ অধিকাৰ,শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম,এই জুই জ্বলিছে জ্বলিবই,বিজেপি চৰকাৰ হুচিয়াৰ,দুখীয়াৰ মাটি কাঢ়া মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,তুলুঙা কথা কোৱা টংকেশ্বৰ ৰাভা গো বেক,বৰদুৱাৰ বাগানত চৰকাৰে ভূমি কাঢ়ি নিয়া ষড়যন্ত্ৰ বন্ধ কৰক,জিএমডিএ হুচিয়াৰ,বৰদুৱাৰৰ ভূমি চৰকাৰক গটাব খোজা দালাল শ্ৰেণী হুচিয়াৰ আদি শ্লোগান দি আজি বৰদুৱাৰ বাগান অঞ্চল উত্তাল হৈ পৰে। কিয়নো বিজেপি চৰকাৰে বৰদুৱাৰ বাগানৰ চাহ জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি বসবাস কৰি অহা ভূমিকে ধৰি অঞ্চলটোৰ আন আন শ্ৰেণীৰ লোকৰ ভূমি বৃহৎ চক্ৰান্তৰে উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন বাবে কাঢ়ি লব বিচাৰিছে। চৰকাৰৰ এই জনস্বাৰ্থ বিৰোধী প্ৰস্তাৱিত জি.এম.ডি.এৰ সিদ্ধান্ত তথা ইতিমধ্যেই অঞ্চলটোৰ ভূমি উচ্ছেদ কৰিবলৈ বাহৰ পাতিবলৈ চক্ৰান্ত কৰা জিএমডিএক উৎখাত কৰাৰ লক্ষ্যৰে আজি বিয়লি বৰদুৱাৰ বাগান কলঘৰত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক আদিত্য নাগে। চৰকাৰে অঞ্চলটোৰ ৰাইজৰ ভূমি জোৰপূৰ্বক উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন কৰিব বিচৰা কাৰ্যত ক্ষুণ্ণ হৈ পৰে।তেওঁ তেজ দি হলেও বৰদুৱাৰ বাগানৰ এই সাতামপুৰুষীয়া ভূমি ৰক্ষা কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে। এই ভূমি উচ্ছেদৰ পৰা ৰাইজৰ হ’ব পৰা বিপদ-বিঘিনিৰ কথাত তেওঁ উল্লেখ কৰি ৰাইজক সকলো সময়তে সজাগ হৈ থাকিবলৈ কয়। ছেটেলাইট টাউনশ্বীপৰ নামত দুখীয়া খিলঞ্জীয়া লোকৰ ভূমি কাঢ়া বিজেপি চৰকাৰে ইতিমধ্যেই লোহাৰঘাট অঞ্চলটোত জিএমডিএৰ মানুহ পঠিয়াই দিয়াত ক্ষোভ প্ৰকাশ কৰে। চৰকাৰে বৰদুৱাৰ বাগানৰ ৰাইজৰ ভূমি জোৰপূৰ্বক উচ্ছেদ কৰি আদানী-আম্বানীক গটাব বিচৰা কাৰ্য কোনোপধ্যেই সফল হবলৈ নিদিও বুলি ভাষণত উল্লেখ কৰে এই ভুমি পট্টন দাবী সমিতিৰ মুখ্য সমন্বয়ক আদিত্য ৰাভাই। তেওঁ কয়-আমাক দাদাগিৰি কৰি ভূমি নালাগে। চৰকাৰে ভূমি আইনৰ অধীনত আমাক ভূমি দিব লাগিব। ইয়াৰ বাবেই আমি ৰাজপথৰ আন্দোলনেই নহয়,আইনী যুঁজো চলাই যাব বুলি বিজেপি মিত্রজোঁট চৰকাৰলৈ হুংকাৰ দিয়ে। তেওঁ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাক গো বেক বুলি কৈ আমাৰ জনজাতীয় ভূমিৰ প্ৰতি তেওঁৰ কিয় ইমান লোভ লালসা বৃদ্ধি পাইছে বুলি উল্লেখ কৰে।হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত বাতিল নকৰিলে ভৱিষ্যত হব পৰা সকলো বিপৰ্যয়ৰ বাবে বিজেপি চৰকাৰ দোষী হব বুলি কয়।তেওঁ ৰাভা হাছঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো সমালোচনা কৰি তেওঁ এগৰাকী চালানী নেতা বুলিহে কয়। তেওঁ কয় আমাৰ ভূমিৰ অধিকাৰ কাঢ়ি চৰকাৰে বৰদুৱাৰ বাগানত বিলাসী ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন কৰিবলৈ ওলোৱাৰ পিচতো তৰল মন্তব্যৰে টংকেশ্বৰ ৰাভাই নিৰাপদ দূৰত্বৰ পৰাই ৰাইজৰ বিলাই-বিপত্তিৰ চাই থকাটো তেওঁ কিহৰ নেতা বুলি কতাক্ষ কৰে। চৰকাৰে ৰাইজক উচ্ছেদ কৰি কেৱল ৪৯ টা পৰিয়ালক এক কোঠা পাচ লেচাকৈ ভূমি পট্টা দিবলৈ ওলোৱা কাৰ্য এক হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰে।এই সিদ্ধান্ত বাতিল নকৰিলে ভৱিষ্যত জংগী আন্দোলন আৰম্ভ কৰিব বুলি কয়। ইতিমধ্যেই চৰকাৰে এই অঞ্চলটোত ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন কৰিবলৈ বিচৰাৰ বাবে আজি ভুমিৰ জৰীপ কৰিবলৈ অহা এটি দলে এই জংগী আন্দোলনৰ কথা জানিব পাৰি লোহাৰঘাট অঞ্চলতে তেওঁলোক থমকি ৰোৱা কথা অঞ্চলটোত প্ৰচাৰিত হয়। কাইলৈ অঞ্চলটোৰ ৰাইজক প্ৰয়োজন হলে এই জৰীপ চলাবলৈ অহা লোকক খেদি পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। এই সভাত লগতে উমা ৰাভা,ফুকন ৰাভা,ধৰিত্ৰী দাস,ফণীধৰ দাস,মংগাধৰ ৰাভা,শুক্লেশ্বৰ ৰাভা,দুৰ্গেশ্বৰ ৰাভা,দৈমালী ৰাভা,মলিনা চাংমা,জ্যোতিষ ৰাভাকে ধৰি বহুকেইজন লোক উপস্থিত থাকি ড.হিমন্ত বিশ্ব শৰ্মাই বৰদুৱাৰ বাগান অঞ্চলটোত ভূমি কাঢ়া নচলিব বুলি হুংকাৰ দিয়ে। লগতে এই ভূমি পট্টন দাবী সমিতিৰ সমন্বয়ক গজেন চন্দ্ৰ ৰাভা, বিষয়ববীয়া পখীৰাজ ৰাভাই ৰাইজৰ হব পৰা সকলো বিপদৰ বাবে সকলোকে একগোট হৈ থাকিবলৈ কয়। সভাপতিৰ আসনৰ পৰা গোবিন্দ ৰাভাই ৰাইজৰ সামূহিক ঐক্য অবিহনে ৰাইজৰ ভূমি চৰকাৰে কাঢ়ি লবলৈ চেষ্টা চলাই যাব বুলি উল্লেখ কৰে। ইতিমধ্যেই আমাৰ অঞ্চলৰে বহু সংখ্যক সুবিধাবাদী নেতা,দালালে এই আন্দোলনৰ পৰা ফালৰি কাটি চৰকাৰী পক্ষত চামিল হৈছে। সেই চক্ৰটোকো ৰাইজে ভালদৰে চিনাক্ত কৰাটো প্ৰয়োজন হৈছে বুলি উল্লেখ কৰে। আনহাতে কাইলৈৰ পৰা এই বৰদুৱাৰ বাগান অঞ্চলটোত চৰকাৰৰ জিএমডিএই এক জৰীপ চলোৱাৰ ব্যৱস্থা কৰিব। সেয়ে প্ৰতিটো সময়ত ৰাইজক সজাগ আৰু একগোট হৈ থাকিবলৈ গোবিন্দ ৰাভাই আহ্বান জনাইছে। অন্যথা চিৰদিনৰ বাবে অঞ্চলটোত বছৰ বছৰ ভোগ দখল কৰা ভূমি চৰকাৰে জোৰপূৰ্বক উচ্ছেদ কৰি আদানী-আম্বানীক গটাই ছেটেলাইট টাউনশ্বীপ প্ৰকল্প গঢ়ি তুলিব। ইতিমধ্যেই বৰদুৱাৰ বাগানৰ ভূমি কাঢ়িবলৈ আজি লোহাৰঘাট অঞ্চলটোত জিএমডিএৰ মানুহ খাপ পিটি থকাৰ খবৰে অঞ্চলটোৰ ৰাইজ চিন্তিত হৈ আছে। ভূমি উচ্ছেদ কৰিলে যিকোনো সময়তে অঞ্চলটোত বিপৰ্যয় হোৱাতো খাতাং বুলি ৰাইজে মত প্ৰকাশ কৰে। সকলো ফালৰ পৰা চাই ৰাইজে এই জৰীপ বন্ধ ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনায়।*