পলাশবাৰীৰ ধাঙ্গাৰগাঁৱত বন্যহস্তীৰ ৰহস্যজনক মৃত্যু
বনবিভাগৰ লোক কেৱল বালিৰ ট্ৰাক-ডাম্পাৰৰ পৰা কমিচন সংগ্ৰহতহে ব্যস্ত থকাৰ অভিযোগ-বিধায়ক হেমাংগ ঠাকুৰীয়াৰ আশ্বাস ফুটুকাৰ ফেন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা– পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণীৰ হাতীমাৰা ঘূলিত বনবিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে কোনো দুৰ্বৃত্তই ৰাণীৰ পাহাৰৰ মাজত বন্যহস্তী চিকাৰ কৰি মাংস আৰু দাঁত কাটি লৈ যোৱাৰ ঘটনা সংঘটিত হোৱাৰ প্ৰতিক্ৰিয়াৰ মাৰ নৌহওঁতেই আজি পুৱা পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনৰ কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ধাঙ্গাৰগাঁৱৰ পাহাৰৰ নামনিতে এটি বন্যহস্তীৰ মৃত্যু সংঘটিত হোৱা ঘটনাত অঞ্চলটোৰ সচেতন লোকৰ লগতে প্ৰকৃতিপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই খবৰ বিয়পি যোৱাৰ লগে লগে অঞ্চলটোত বহু লোকৰ সমাগম হয়। স্থানীয় লোকে কুলশী বনাঞ্চলিক কাৰ্যালয়ত খবৰ দিয়াত বন বিষয়া কংকন জ্যোতি কৌশিকসহ এটি বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ এই বন্যহস্তীটোৰ মৃত্যুৰ বুজ লয়। অৱশ্যে বাতৰি লিখাৰ সময়লৈকে প্ৰকৃত ঘটনা পোহৰলৈ অহা নাই। ঘটনাস্থলীত লগতে এটি পশু চিকিৎসকৰ দলে উপস্থিত হৈ বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে। এই মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এই বন্যহস্তীটোৰ মৃত্যুৰ প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে। ইতিমধ্যেই এই মৃত বন্যহস্তীটো বনবিভাগৰ লোকে স্থানীয় লোকৰ সহায়-সহযোগত ঘটনাস্থলীৰ কাষতে ফুল ছটিয়াই দি,ধূপ জ্বলাই সেৱা জনাই হৰি ধ্বনিৰে পুঁতি থয়। ইপিনে এই বন্যহস্তীটোৰ মৃত্যুৰ পিচত অঞ্চলটোত আন বন্যহস্তীয়ে উপদ্ৰৱ চলাব নেকি ভাবি ৰাইজ শংকিত হৈ পৰিছে। উল্লেখ যে,এই কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত বছৰি এইদৰে বন্যহস্তীয়ে ৰহস্যজনকভাৱে মৃত্যুমুখত পৰি আহিছে। কিছু ঠাইত গঞাই নিজৰ ধাননি দৰাক সুৰক্ষা দিয়াৰ বাবে ধাননি পথাৰত সংলগ্ন কৰা বিদ্যুতৰ তাঁৰত লাগি বন্যহস্তীয়ে মৃত্যুক আকোৱালি লোৱাৰ উপৰি বন্যহস্তীয়ে খাদ্য সংকটত ভূগি মৃত্যুমুখত পৰা,চোৰাং চিকাৰীৰ দ্বাৰা বন্যহস্তীৰ নিধন আদি কেইবাটাও কাৰণত বন্যহস্তীয়ে মৃত্যুমুখত পৰি আহিছে। কিন্তু আজিলৈ বনবিভাগে এই বন্যহস্তীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্রহণ কৰিবলৈ নোৱাৰিলে। ৰাইজে বন্যহস্তীৰ উপদ্ৰৱৰ খেতিৰ লগতে নিজক ৰক্ষা কৰিবলৈ কেতিয়াবা বন্যহস্তীক নিধন কৰিবলগীয়া ঘটনা ঘটে যদিও এনে বন্যহস্তীক নিধনকাৰীক বনবিভাগে জেল-জৰিমনাহে দিয়ে। বিপৰীতে বন্যহস্তীয়ে গঞাৰ খেতিৰ অনিষ্টসাধন কৰা বা গঞাক গচকি মাৰিলে বনবিভাগৰ লোকে গুৰুত্ব আৰোপ নকৰে। ৰাইজে ক্ষোভেৰে কয়-বন্যহস্তীক মাৰিলে এই বন্যহস্তীৰ মালিক হিচাপে বনবিভাগৰ লোক বন্দুক-বাৰুদ লৈ ঘটনাস্থলীলৈ ওলায় আহে। কিন্তু বন্যহস্তীয়ে গঞাক মাৰিলে বন্যহস্তীৰ মালিক কিয় নোলায় বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে বনবিভাগৰ লোক কেৱল বালিৰ ট্ৰাকৰপৰা কমিচন সংগ্ৰহতে ব্যস্ত থাকে বুলি মত প্ৰকাশ কৰে। আনকি এই অঞ্চলটোত বন্যহস্তীৰ মৃত্যু বা গঞাক বন্যহস্তীয়ে আক্ৰমণ কৰা আদি ঘটনাৰ বাবে বিধায়ক হেমাংগ ঠাকুৰীয়াই অঞ্চলটোৰ ৰাইজৰ বুজ ল’বলৈ গৈ ৰাইজক সুৰক্ষা দিয়া বা ক্ষতিপূৰণ দিয়াৰ আশ্বাস দি আহে যদিও আশ্বাস দিয়াৰ পিচত বিধায়ক হেমাংগ ঠাকুৰীয়াক সেই ঠাইত দেখিবলৈ পোৱা নাযায় বুলি ভূক্তভোগী লোকে মত প্ৰকাশ কৰে।