পলাশবাৰীৰ দখলা কলনিত নাট্যকাৰ পৰিচালক কৃতী শিক্ষক মনোজ কুমাৰ দাসক স্মৰণ আৰু স্মৃতিগ্ৰন্থ উন্মোচন
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰীৰ দখলা ক’লনিৰ নিজ বাসগৃহত সদ্যপ্ৰয়াত কৃতী শিক্ষক তথা নাট্যকাৰ, নাটপৰিচালক মনোজ কুমাৰ দাসৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি “ প্ৰচাৰ বিমুখ মানুহজন মনোজ” শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° হৰিশংকৰ কাকতি ৷ পলাশবাৰী তথা দক্ষিণ কামৰূপৰ নাট্য ধাৰাটোক আগবঢ়াই নিয়া নাট্যকৰ্মী মনোজ কুমাৰ দাসৰ অকাল বিয়োগত শুভাকাংক্ষী, বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গই তেওঁৰ আদৰ্শ আৰু চিন্তাখিনিক ৰাইজৰ মাজত বিলায় দিয়াৰ উদ্দেশ্যে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে ক্ৰমে কৈলাশ কুমাৰ দাস (মিতু),কমল কুমাৰ, দীপেন দাস আৰু কৈলাশ দাসে ৷বিভিন্ন লেখক লেখিকাৰ লগতে অসমৰ নাট্যজগতখনৰ লগত জৰিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মনোজ কুমাৰ দাসৰ প্ৰতিভা আৰু সুব্যক্তিত্বৰ স্মৰণ কৰে লেখনিৰ মাজেৰে। আনহাতে এই বিশিষ্ট অভিনেতা অমূল্য কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰগতিশীল লেখক সুৰেশ কলিতা, কবি ৰোহিনী কুমাৰ, নাট্যকৰ্মী বসন্ত কুমাৰ, লগতে সমজুৱা বিভিন্নজনে প্ৰয়াত দাসৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰি বক্তব্য আগবঢ়ায় ৷