পলাশবাৰীত হাতী মানুহৰ সংঘাত হাতীৰ গচকত নিহত এজন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা চাৰি-পাচ বছৰ ধৰি পলাশবাৰীৰ ৰঙামাটি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বনৰীয়া হাতীয়ে যথেষ্ট উপদ্ৰৱ চলাই আহিছে। এই অঞ্চলটো যথেষ্ট হাবি জংঘলৰে ভৰা নহয় যদিও, এই অঞ্চলৰ কিছু সংখ্যক বাকৰি আৰু দুধকুৱৰী পাহাৰৰ এটা ক্ষুদ্ৰ অংশ হ’ল হাতীৰ বিচৰণ স্থলী। বন বিভাগৰ তথা প্ৰশাসন কৰ্তৃপক্ষই ইচ্ছা কৰিলে অতি সহজে হাতীৰ জাকটো আতৰাই ৰাইজক সঁকাহ দিব পাৰে কিন্তু অজনিত কাৰণত সেইটো হৈ উঠা নাই। পলাশবাৰীৰ ৰঙামাটি গাঁৱত বহুতো বাঘা ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীয়ে বাস কৰে আৰু তেওঁলোকৰ জনপ্ৰতিনিধি সকলৰ লগতো ভাল সম্পৰ্ক আছে, কিন্তু এই ক্ষেত্ৰত সমস্যাটো সমাধান হৈ উঠা নাই তাকলৈ চিন্তনীয় বিষয় হৈছে ৰাইজৰ। যোৱা ১৬ মে শুক্ৰবাৰে অশোক দাস নামৰ এজন স্নাতক ডিগ্ৰীধাৰী উদ্যমী ব্যক্তি জনে ঘৰৰ পোহনীয়া গৰুছাগলীৰ বাবে ৰঙামাটিৰ দুধকুৱৰী পাহাৰৰ বাঢ়নী বাৰিত গছৰ পাত কাটি থকা অৱস্থাত পিছফালৰ পৰা বনৰীয়া হাতীৰ জাকটো আহি তেখেতেক মহতিয়াই লৈ যায় ফলত হাতীৰ গচকত তেখেতে মৃত্যুক সাবতিব লগা হ’ল, এতিয়া ইয়াৰ বাবে জনপ্ৰতিনিধি সকলৰ ভুমিকাকলৈ ৰাইজৰ প্ৰশ্ন তোলাটো তেনেই স্বাভাৱিক কাৰণ হৈ পৰিছে, বন বিভাগ,প্ৰশাসন এই দায়িত্বৰ পৰা গা এৰা দিব নোৱাৰিব আদি ধ্বনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত ৷ উল্লেখযোগ্য পলাশবাৰী সমষ্টিৰ ৰঙামাটীত এজাক বনৰীয়া হাতীৰ গচকত অশোক দাস নামৰ ব্যক্তি জনৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰায় ৫ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো ঘটনা স্থলীলৈ বন বিভাগৰ কোনো বিষয়া উপস্থিত নহোৱকলৈ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । যদি বিষয়ৰ গভীৰতা আৰু গম্ভীৰতা বুজি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে আগন্তুক দিনত হাতী মানুহৰ সংঘাতৰ ক্ষেত্ৰত তেতিয়া হ’লে ৰাইজে জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে ৷
