পলাশবাৰীত সাংবাদিকে আক্ৰমণ কৰিলে শিক্ষাবিদক

পলাশবাৰীত সাংবাদিকে আক্ৰমণ কৰিলে শিক্ষাবিদক

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষাগুৰুৰ জ্ঞানেৰে জাতিষ্কাৰ মানৱ সমাজ ৷ সমাজত শিক্ষাগুৰুৰ স্থান সৰ্বব্যাপী ৷ বৰ্তমান সমাজত উচ্ছৃঙ্খলতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে শিক্ষক দিৱসৰ প্ৰাকক্ষণত পলাশবাৰীৰ উপৰহালীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড ৷ অসমীয়া আগশাৰীৰ বাতৰিকাকত অসমীয়া খৱৰৰ সাংবাদিক পবিত্ৰ কুমাৰে দাসে আক্ৰমণ কৰিলে শিক্ষাবিদ ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াক ৷ উপৰহালীত সাহিত্য সভাৰ মিটিং চলি থকা সময়ত কথাৰ বাকবিতণ্ডাত তথাকথিত সাংবাদিক পবিত্ৰ কুমাৰ দাসে নিৰ্মমভাৱে আক্ৰমণ কৰে শিক্ষাবিদ ড° ঠাকুৰীয়াক ৷ সাংবাদিকৰ গৰিমাত কালিমা সনা এনে ঘটনাই এতিয়া সমগ্ৰ দক্ষিণ কামৰূপত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এইজন তথাকথিত স্বয়ম্ভু সাংবাদিক পবিত্ৰ কুমাৰ দাসৰ কুকাণ্ডক এতিয়া উপৰহালী ৰাইজ গয়ৰহ তথা দক্ষিণ কামৰূপৰ সাংবাদিক সমাজে গৰিহণা জনাইছে ৷ ঘটনা সন্দৰ্ভত ড° ঠাকুৰীয়াই বিজয়নগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ উল্লেখযোগ্য যে সাংবাদিক সমাজক কলংকিত কৰা এনে ঘটনাক গৰিহণা দিছে সচেতন মহলে লগতে আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰি শিক্ষাবিদ ড° শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াক ন্যায় দিবলৈ আহ্বান ভুক্তভোগীৰ পৰিয়ালবৰ্গৰ ৷