পলাশবাৰীত শতবৰ্ষলৈ আগবঢ়া ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়লৈ আহিছে সংকট

পলাশবাৰীত শতবৰ্ষলৈ আগবঢ়া ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়লৈ আহিছে সংকট

বিদ্যালয়ৰ ভূমি দখল,শ্ৰেণী কোঠা ভাঙি পথ নিৰ্মাণ আদিত নিৰাপত্তাহীনতাত ছাত্ৰ ছাত্ৰীৰ জীৱন

পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিয়ে হৰলুকি কৰা ১০ লক্ষাধিক টকাৰ তদন্ত ৰহস্যজনক ভাৱে স্থৱিৰ

পলাশবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ অন্তৰ্গত শতবৰ্ষলৈ আগবঢ়া ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়লৈ অহা অস্তিত্বৰ সংকটে অঞ্চলটোৰ ৰাইজক ভবাই তুলিছে। সম্প্ৰতি বিদ্যালয়খনৰ শ্ৰেণী কোঠা ভাঙি পথ নিৰ্মাণ কৰাত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনকলৈয়ো এক সংকট নমাই অনাৰ এক অভিযোগ আহিছে। এইক্ষেত্ৰত প্ৰায় ১৫ বছৰ ধৰি পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াই ১০ লক্ষাধিক ধনৰ হৰলুকি কৰি বিদ্যালয়ৰ আভ্যন্তৰীণ অৱস্থা নিশকতীয়া কৰি পেলোৱাৰো অভিযোগ আহিছে। আকৌ ৰহস্যজনকভাৱে মাত্ৰ ৩ কোঠা ভূমিত বৰ্তি থকা এই বিদ্যালয়ৰ প্ৰায় ১ কোঠা ভূমিত আদৰ্শ অংগনবাডী কেন্দ্ৰ স্থাপন কৰাত ইতিমধ্যে সংকুচিত হৈ আহিছে ইয়াৰ ভৌগোলিক চাৰিসীমা।এই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে হৰলুকি কৰা ১০ লক্ষাধিক টকা যোৱা ১২-১৫ মাহ ধৰি উভতাই নিদিলে বিদ্যালয় কৰ্তৃপক্ষক। এই সন্দৰ্ভত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰা অভিযোগৰো কোনো মীমাংসা নহল বুলি খবৰ আহিছে। উল্লেখ যে, ১৯২৯ বৰ্ষত উপৰহালী ৰাইজ গয়ৰহৰ সেই সময়ৰ এচাম সমাজহিতৈষী ব্যক্তিৰ অৱদান আৰু ৰাইজ গয়ৰহৰ প্ৰায় ৪ কঠা ভূমিত স্থাপন হৈছিল ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়। ৫/৯/১৯৭৫ বৰ্ষত বিদ্যালয়খন প্ৰাদেশিকৰণ হৈছিল। বহু গণ্য মান্য তথা প্ৰভাৱশালী ব্যক্তিৰ প্ৰাথমিক শিক্ষা লাভৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে পৰিচিত বিদ্যালয়খন আজি কেওফালৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। জীৱন পথত অগ্ৰসৰ হ’বলৈ জ্ঞানৰ শিক্ষা দিয়াৰ লগতে বহু সময়ত বিদ্যালয়খনত খেতিৰ প্ৰত্যক্ষ জ্ঞান তথা সামাজিক দায়বদ্ধতাৰ শিক্ষা দিছিল বিদ্যালয়খনত। কিন্তু এচাম সুবিধাবাদী চৰিত্ৰৰ লোকৰ কু দৃষ্টিত পৰি শতবৰ্ষ গৰকীবলৈ মাজত মাত্ৰ তিনিটা বছৰ থকা ১৭৮২ বৰ্গ মিটাৰ চৌহদৰ মাত্ৰ ৮-৯ শ বৰ্গ মিটাৰ আৱৰা বিদ্যালয়খনৰ ভৌগোলিক সীমা সংকুচিত হৈ পৰিছে। বিশেষ ভাৱে ২০০৭-০৮ বৰ্ষত তেতিয়াৰ ৩৭ নং তথা বৰ্তমানৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা ভূমি বিভাগীয় ভাৱে অধিগ্ৰহণ কৰা হৈছিল। ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয় উক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বাবে বিদ্যালয়ৰ ভূমি আৰু চৌহদৰ বহুখিনি সম্পত্তি অধিগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে বিভাগীয় ভাৱে ১১২ নং পট্টাৰ ৭০৫ নং দাগৰ ১৫ লেচা ভূমিৰ বিপৰীতে ৩,৯০,৫০০ টকা উপৰহালী ৰাইজ গয়ৰহৰ তদানীন্তন সভাপতি জনৈক তালুকদাৰ আৰু সম্পাদক জনৈক ঠাকুৰীয়াই গ্ৰহণ কৰিছিল। আনহাতে পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে দিয়া পত্ৰ নং পিচি ১০/০৮/২৭৮, তাৰিখ ২১/৩/২০০৯ অনুসৰি এটা সভাঘৰ,এটা অংগনবাডী কেন্দ্ৰ, এটা ৰান্ধনী ঘৰ আৰু গছ-গছনিৰ বিপৰীতে জিৰাটৰ ১০,১৭,৯০৩.০০ টকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ঠাকুৰীয়াই উপৰহালী ৰাইজ গয়ৰহৰ পৰা আপত্তি বিহীন প্ৰমাণ পত্ৰ নি মোকলাই অনাৰো অভিযোগ আহিছে। এই ঘটনাত বিদ্যালয়ৰ অভ্যন্তৰত তথা উপৰহালী ৰাইজ গয়ৰহৰ মজিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দুৰ্নীতিৰ অভিযোগৰ বাবে প্ৰাক্তন সভাপতি ঠাকুৰীয়াৰ বিৰুদ্ধে এই ধন হৰলুকিৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰাৰ অভিযোগ তুলি সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণবালা দাস ( তালুকদাৰ) এ ৪/৫ খন পত্ৰ লিখি সংশ্লিষ্ট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক অৱগত কৰিছিল যদিও কোনো কামত নাহিল। আনকি বিদ্যালয়ৰ একমাত্ৰ অসম কো: অপাৰেটিভ এপেক্স বেংক প্ৰা: লিমিটেড, উপৰহালী শাখাত থকা বেংক একাউণ্টটো গোপনে বন্ধ কৰি ঠাকুৰীয়াই ইণ্ডিয়ান বেংক,বিজয়নগৰ শাখাত ২৬/৩/২০১৩ তাৰিখে নতুনকৈ ৬১১৫৬৬১৯৬৮ নম্বৰ একাউণ্ট খোলে। এই একাউণ্টৰে উক্ত জিৰাটৰ ১০ লক্ষাধিক টকা মোকলাই হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে। এনে কাৰ্যত অতিষ্ঠ হৈ উপৰহালী ৰাইজ গয়ৰহৰ তদানীন্তন সভাপতি লক্ষ্যধৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক বৈকুণ্ঠ ঠাকুৰীয়াই তদানীন্তন পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ জৰিয়তে কামৰূপ জিলাৰ সেই সময়ৰ উপায়ুক্ত জে. বালাজীৰ হাতত এখন অভিযোগ পত্ৰ দাখিল কৰে। উক্ত পত্ৰৰ ভিত্তিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ পত্ৰ নং এল.এ.১৯/০৮/৭৬/৫৮১ ( ৫৩৯/ ২৪/০৬/২০১৫) অনুসৰি ৩ দিনৰ ভিতৰত তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উক্ত নিৰ্দেশৰ পিচতে পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে পত্ৰ নং পি.চি.-৮/২০১৩/১২৪৯, তাৰিখ ২২/৬/২০১৫ যোগে ৰাজহুৱা ধন হৰলুকিত সিদ্ধহস্ত ঠাকুৰীয়ালৈ জাননী জাৰী কৰি উত্তৰ বিচাৰে। উক্ত পত্ৰ লাভ কৰি ঠাকুৰীয়াই বিদ্যালয়ৰ জিৰাটৰ উক্ত ধন তেওঁ মোকলাই আনি নিজৰ হাতত ৰখা বুলি স্বীকাৰোক্তি দিয়ে। লগতে সেই সময়ৰ কামৰূপ জিলাৰ উপায়ুক্ত জে.বালাজীয়ে এই ধানখিনি ষড়যন্ত্ৰ কৰি ব্যৱহাৰ কৰিব খোজা বাবেহে ঠাকুৰীয়াই জোৰকৈ উক্ত ধন মোকলাই আনে বুলি ওলোতাই উপায়ুক্তলৈ দোষ জাপি দি চক্ৰ বিষয়াক লিখিত ভাৱে জনায়। সেইদৰে এখন প্ৰাথমিক বিদ্যালয়ৰ ৰাজহুৱা ১০ লাখৰো অধিক ধন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি এগৰাকীয়ে কৰা কাহিনী ফাইলৰ ভিতৰতে বান্ধ খাই থাকে। অৱশ্যে পিছত তেওঁ বিদ্যালয়ৰ কিছু কাম কৰি ২ লাখ মান টকা খৰছ কৰা দেখুৱাই যদিও বৰ্তমানো ৮,২৫,৪৬৩.০০টকা হৰলুকি কৰি থোৱাৰ অভিযোগ উঠিছে। এই টকা ওভোতাই বিচাৰি বিগত বছৰ বছৰ ধৰি উপৰহালী ৰাইজ গয়ৰহে প্ৰস্তাৱ গ্ৰহণ কৰি তেওঁলৈ জাননী জাৰী কৰি আহিছে যদিও তেওঁ নিৰ্বিকাৰ হৈ আছে। এইদৰে বিদ্যালয়খনৰ আভ্যন্তৰীণ তথা ভৌগোলিক অস্তিত্ব সংকুচিত হৈ অহাৰ সময়ত আকৌ বৰ্তমানৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই বিদ্যালয়ৰ চৌহদৰ প্ৰায় ১ কোঠা ভূমিত এটা ২৫ লাখ টকা ব্যয়ৰে আদৰ্শ অংগনবাডী কেন্দ্ৰ নিৰ্মাণ কৰি ৩০/৬/২০২৫ তাৰিখে মুকলি কৰি বিদ্যালয়খনৰ ভূমি চিৰদিনৰ বাবে সংকুচিত কৰে। লগতে এই অংগনবাড়ী কেন্দ্ৰতো ঠিকাদাৰে এক অনিয়ম হোৱাৰ অভিযোগ আহিছে। আনহাতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা ছয়গাঁও বকো হৈ গোৱালপাৰালৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰে এটা ১০০ কোটি টকা ব্যয়ৰে অসম মালাৰ অধীনত লোক নিৰ্মাণ বিভাগে ৰাজহুৱা পথ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। ইয়াৰ ফলতো ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ কেবা লেচা মাটি পথ নিৰ্মাণত ব্যৱহৃত হোৱাৰ লগতে পথৰ দাঁতিত থকা প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পাঠদান কৰা দুটা বৃহৎ শ্ৰেণী কোঠা ভাঙি পেলোৱা হয়। এইদৰে বিদ্যালয়খনৰ ভৌগোলিক তথা অৱয়ব কেওফালৰ পৰা অধিগ্ৰহণ তথা দখলৰ ফলত সম্প্ৰতি শতবৰ্ষ গৰকীবলৈ মাজত মাত্ৰ তিনিটা বছৰ বাকী থকা অৱস্থাত বিদ্যালয়খনে অস্তিত্বৰ সংকটত ভুগিছে বুলি চৰ্চিত হৈছে। আনহাতে বিদ্যালয়ৰ এই ভূমি তথা গৃহ বা শ্ৰেণী কোঠা ভাঙি বিভাগীয় ভাৱে কিয় অধিগ্ৰহণ প্ৰক্ৰিয়া নকৰি নামমাত্ৰ ক্ষতিপূৰণ দিয়াৰহে এক কৌশল ৰচনা কৰি থকা বুলি জানিব পৰা গৈছে। আনহাতে বিধায়ক হেমাংগ ঠাকুৰীয়াই বিদ্যালয়ৰ চৌহদত বহা এখন সভাত দুটা শ্ৰেণী কোঠা শীঘ্ৰে নিৰ্মাণ কৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী নোহোৱাত সম্প্ৰতি পাঠদান কৰাত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা বুলি আজি উপৰহালী গাঁৱৰ এটি সঁজাতি দলৰ আগত প্ৰধান শিক্ষয়িত্ৰী নৱমল্লিকা গোস্বামী তথা পৰিচালনা সমিতিৰ সভাপতিকে ধৰি সদস্য সদস্যা সকলে জানিবলৈ দিয়ে।