পলাশবাৰীত বেচৰকাৰী সংস্থা সন্মিলিত জনকল্যাণ মঞ্চ গঠন
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ইতিমধ্যে পলাশবাৰী সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বিভিন্ন দলসংগঠনৰ লগতে ৰাজনৈতিক,অৰাজনৈতিক নেতা আৰু টিকট প্ৰত্যাশিত বিভিন্নজনে পলাশবাৰী সমষ্টিত ৰাজনৈতিক ৰণনীতি প্ৰস্তুতিত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ তেনে এক ৰাজনৈতিক সন্ধিক্ষণতে মুখ্য উপদেষ্টা হিচাপে অসম ফুটবল সংস্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্যৰ নেতৃত্বত আজি ২৭ জুন শুক্ৰবাৰে পলাশবাৰীৰ উৰপুতত বেচৰকাৰী সংস্থা সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্বোধনী হয় ৷ সভাপতি মণিময় কৰ আৰু ড° চিন্ময় কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ সামাজিক দায়িত্ববোধসম্পন্ন অনেক গুৰুতৰ বিষয় সামৰি গঠন কৰা “ সন্মিলিত জনকল্যাণ মঞ্চ,পলাশবাৰী” শীৰ্ষক সংস্থাটোৱে পলাশবাৰী সমষ্টিৰ সামগ্ৰিকভাৱে সামাজিক,শৈক্ষিক,আৰ্থিক,সাংস্কৃতিক,স্বাস্থ্য,ক্ৰীড়া আৰু ৰাজনৈতিক চেতনাৰ উন্নয়ন,সুস্থ আৰু সচেতন সমাজ গঠনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ উল্লিখিতযে আগন্তুক বিধান সভা নিৰ্বাচনত পলাশবাৰী বিধান সভা সমষ্টিৰ সাম্ভাৱ্য টিকট প্ৰত্যাশিত হিমাংশু শেখৰ বৈশ্যৰ উপদেষ্টতাত গঠন হোৱা “সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰী” শীৰ্ষক বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সমস্যা অভাৱ- অভিযোগেৰে ভাৰাক্ৰান্ত পলাশবাৰী সমষ্টিৰ ৰাইজক কিদৰে প্ৰভাৱিত কৰিব পাৰে নে এক ৰাজনৈতিক চমক সৃষ্টি কৰাৰ উদ্দেশ্যি সংস্থাৰ কৰ্মৰাজী সীমাবদ্ধ হৈ পৰে পৰৱৰ্তীকালত সেয়া হব লক্ষণীয় ৷